Local, Vocal, Global

বায়ুসেনাত অসমৰ প্ৰথম মহিলা

ভাৰতীয় বায়ুসেনাত অসমৰ প্ৰথম মহিলা উইং কামাণ্ডাৰ ৰূপে সেৱা আগঢ়াইছে অসমৰ জীয়ৰী বৰ্ণালী গগৈয়ে। লখিমপুৰৰ প্ৰয়াত প্ৰেমধৰ গগৈ আৰু অঞ্জলি গগৈৰ কন্যা বৰ্ণালী গগৈ । সৰুৰে পৰা অতি মেধাৱী তথা ক্ৰীড়া,সংস্কৃতিক সকলো দিশত পাকৈত আছিল বৰ্ণালী গগৈ। ১৯৯৬ চনৰ ২৭ মে’ত বায়ুসেনাত পাইলট অফিচাৰ হিচাপে যোগদান কৰিছিল। ইয়াৰ পিছত ফ্লায়িং অফিচাৰ,উইং কামাণ্ডাৰলৈ পদোন্নোতি লাভ কৰে। ১৯৯৫চনত তেওঁ যোৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত ১৬ সংখ্যক স্থান লাভেৰে উত্তীৰ্ণ হোৱাৰ পিছত কটন কলেজত বিজ্ঞান বিষয়ত অধ্যয়ণ কৰিছিল। বৰ্ণালী গগৈয়ে কৰ্তব্যপৰায়ণতাৰ বাবে দুবাৰকৈ বঁটা লাভ কৰে। ২০০২ বৰ্ষত তেওঁ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।