Air India cancels morning flight to Dhaka : দিল্লীৰ পৰা ঢাকালৈ এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল
ইণ্টাৰনেশ্যনেল ডেস্ক, ৬আগষ্ট : ভয়ংকৰ পৰিস্থিতি বাংলাদেশৰ। প্ৰতিবাদকাৰীয়ে দেশখনত চলাই আছে ধ্বংসলীলা । সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰে । তাৰ পিছতে দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ ঘোষণা কৰা হয়(Air India cancels morning flight to Dhaka)।
চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে মঙলবাৰে পুৱা এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা ঢাকালৈ বিমান বাতিল কৰিছে।
দুগৰাকী বিষয়াই জনোৱা অনুসৰি, মঙলবাৰে ইণ্ডিগ’ আৰু ভিস্তাৰাই বাংলাদেশৰ ৰাজধানী ঢাকালৈ সকলো বিমান বাতিল কৰিছে । উল্লেখ্য যে ভিস্তাৰাই মুম্বাইৰ পৰা দৈনিক বিমান আৰু দিল্লীৰ পৰা ঢাকালৈ সাপ্তাহিক বিমান সেৱা পৰিচালনা কৰে ।
মঙলবাৰে এয়াৰলাইনৰ এগৰাকী বিষয়াই কয় যে এয়াৰ ইণ্ডিয়াই ঢাকালৈ পুৱা বিমান বাতিল কৰিছে আৰু বাংলাদেশৰ ঢাকালৈ সন্ধিয়াৰ বিমানখন পৰিচালনা কৰিব নে নাই সেই বিষয়ে পিচত সিদ্ধান্ত লোৱা হ’ব । সময়সূচী অনুসৰি এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা ঢাকালৈ দৈনিক দুখন বিমান পৰিচালনা কৰি আছে (Air India cancels morning flight to Dhaka; IndiGo, Vistara halt services for Tuesday)।
এয়াৰ ইণ্ডিয়াৰ এজন মুখপাত্ৰই কয়,”বাংলাদেশৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি তাৎক্ষণিকভাৱে ঢাকালৈ অহা-যোৱা কৰা আমাৰ বিমানৰ নিৰ্ধাৰিত পৰিচালনা বাতিল কৰিছো । আমি নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু পুনৰ নিৰ্ধাৰণ আৰু বাতিলকৰণ মাচুলৰ ওপৰত ৰেহাই দিয়াৰ সৈতে আমাৰ যাত্ৰীসকলক সমৰ্থন আগবঢ়াই আছো ।”