আইজলৰ পৰা কোলকাতালৈ পুনৰ বিমানসেৱা আৰম্ভ
আইজলৰ পৰা কোলকাতালৈ পুনৰ বিমানসেৱা আৰম্ভ
মিজোৰামৰ আইজলৰ পৰা পশ্চিমবংগৰ কোলকাতাৰ মাজত পুনৰ বিমান সেৱা আৰম্ভ কৰিছে। লেংপুই বিমানবন্দৰ এক অনুষ্ঠানৰ পিছত গো ফাৰ্ষ্টৰ দ্বাৰা মিজোৰাম আৰু কোলকাতাৰ মাজত বিমান পৰিচালনা আৰম্ভ কৰা হয়। অনুষ্ঠানৰ সময়ত গো ফাৰ্ষ্টে আইজলৰ পৰা গুৱাহাটী আৰু নতুন দিল্লীলৈ ইয়াৰ বিমান পৰিচালনা পুনৰ আৰম্ভ কৰাৰ কথা কয়। বৃহস্পতিবাৰে অমৃতসৰ, চুৰাট, ডেৰাডুণ আৰু আইজলকে ধৰি নতুন গন্তব্যস্থানলৈ সেৱা সম্প্ৰসাৰণৰ বাবে ৩২ খন নতুন বিমান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই বিমান বন্দৰসমূহে দিল্লী, মুম্বাই, শ্ৰীনগৰ, বেংগালুৰু, কোলকাতা আৰু গুৱাহাটীলৈ পোনপেটীয়া বিমানেৰে সংযোগ কৰা হ’ব। গো ফাৰ্ষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া কৌশিক খোনাই কয়-“আমি বিশ্বাস কৰো যে এই নতুন ষ্টেচনসমূহ যোগ দিয়াটোৱে কেৱল আমাৰ নেটৱৰ্ক শক্তিশালী কৰাই নহয়, গ্ৰাহকসকলক মহানগৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ চহৰ আৰু তাৰ বাহিৰৰ সৈতে পোনপেটীয়া সংযোগ প্ৰদান কৰিব”।