Local, Vocal, Global

ABTৰ পাছত এইবাৰ গোৱালপাৰাত AQISৰ সন্দেহত গ্ৰেপ্তাৰ দুজন

নিউজ ডেস্ক, ২১ আগষ্ট : জেহাদীসকলৰ বিৰুদ্ধে অব্যাহত থকা অভিযানত অসম আৰক্ষীয়ে শনিবাৰে গোৱালপাৰা জিলাৰ আল-কায়েদা ভাৰতীয় উপমহাদেশ (AQIS) আৰু আনছাৰুল্লাহ বাংলা দলৰ (ABT) সৈতে সম্পৰ্কিত আৰু দুজন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰে।

সূত্ৰঅনুসৰি, আব্দুছ চোবাহান আৰু জালাল উদ্দিন নামৰ সন্দেহযুক্ত দুজন টিঙ্কোনিয়াপাৰা (Tinkoniapara) মছজিদ আৰু তিলাপাৰা মছজিদৰ ইমামৰ ছদ্মবেশত বাস কৰি আছিল।

তেওঁলোকৰ দখলৰ পৰা এখন বাংলাদেশী পতাকাও জব্দ কৰা হৈছিল।

ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এছ পি ভি ভি ৰাকেশ ৰেড্ডীয়ে (SP VV Rakesh Reddy) কয়, “তেওঁলোকে বাংলাদেশৰ পৰা অহা জেহাদী সন্ত্ৰাসবাদীসকলক লজিষ্টিক সমৰ্থন আৰু আশ্ৰয় দিছিল। তেওঁলোকে জিলাখনত স্লিপাৰ চেল (sleeper cells ) নিয়োগ কৰাৰ বাবে একিউআইএছৰ সদস্য বুলি স্বীকাৰ কৰিছে।”

তেওঁ লগতে কয়, “একিউআইএছ আৰু এবিটিৰ বৰপেটা আৰু মৰিগাঁও মডিউলৰ সৈতে তেওঁলোকৰ পোনপটীয়া সম্পৰ্ক আছে। আল-কায়েদা, জেহাদী উপাদান, পোষ্টাৰ আৰু অন্যান্য নথিপত্ৰৰ সৈতে সম্পৰ্কিত বহুতো আপত্তিজনক সামগ্ৰী ঘৰৰ তালাচীৰ পৰা মোবাইল ফোন, চিম কাৰ্ড আৰু পৰিচয় পত্ৰৰ সৈতে জব্দ কৰা হৈছিল।”