জানো আহক চাহৰ বিষয়ে কিছু কথা

যেতিয়া কোনো কাম কৰি ভাগৰি পৰো তেতিয়া নিশ্চয় আমি একাপ চাহ খাব বিচাৰো । নিশ্চয় আপুনিও বিচাৰে । তেন্তে জানো আহক চাহৰ বিষয়ে কিছু কথা ।
১)চাহ প্ৰথমে চীন দেশত আৱিষ্কাৰ হৈছিল ।
২) প্ৰথমে চাহৰ বিষয়ে কোনেওঁ একো জনা নাছিল৷ এদিন চীনা সম্ৰাট শ্বেন নুঙে গৰম পানী খবলৈ পানী উতলাবলৈ দিছিল৷ হঠাৎ উতলা পানীত এডাল গছৰ পৰা কেইটামান পাত সৰি পৰিল আৰু পানীখিনিৰ ৰঙ ক্ৰমে ৰঙা হৈ পৰিল৷ তাৰ পিছত সম্ৰাটে পানীয়খিনি খাই ইয়াক বৰ সোৱাদ পালে৷ আৰু সেইদিনাৰ পৰা ইয়াৰ নামাকৰণ কৰিলে৷
৩) পোনপ্ৰথমে চাহক মাত্ৰ পানীলগাৰ ঔষধ হিচাপে সেৱন কৰিছিল৷ কিন্তু ভাৰতবৰ্ষত ইয়াৰ প্ৰচলন আৰম্ভ হোৱাৰ পৰা পানীয়ৰ ৰূপত ব্যৱহাৰ কৰা আৰম্ভ কৰিলে৷
৪) পানীৰ পিছতে চাহ এনেকুৱা এটা জুলীয় পদাৰ্থ যাক বিশ্বত সৰ্বাধিক মানুহে সেৱন কৰে৷
৫) চাহ আফগানিস্থান আৰু ইৰাণৰ ৰাষ্ট্ৰীয় পণ্য৷
৬) চাহ উৎপাদনত ভাৰত দ্বিতীয় স্থানত আৰু চীন প্ৰথম স্থান আছে
৭) চাহৰ কেচা পাত যদি পানীত তিয়াই তাৰ গোন্ধ ঘৰৰ চাৰিওফালে বিয়পাই তেন্তে ই মহ খেদা এক প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰিব৷
৮) জানিব পৰা মতে মুঠ ১৫০০ তকৈয়ো অধিক ধৰণৰ চাহ বজাৰত পোৱা যায়৷
৯) ইংলেণ্ডত প্ৰতিদিনে ১৬ কৌটি চাহ খোৱা হয় আৰু এই হিচাপত বছৰত প্ৰায় ৬০ আৰৱ কাপ চাহ খোৱা হয়৷
১০) ভাৰতবৰ্ষৰ সকলোতকৈ বেছি চাহ উৎপাদন অসমত হয়৷
১১) ব্লেক টী মানে কলা চাহ ভৰতবৰ্ষত সৰ্বাধিক বিক্ৰী হয়৷
১২) আমেৰিকাত সকলোতকৈ অধিক মানে ৮০ শতাংশ চাহ আইচ্ টী অৰ্থাৎ বৰফ চাহৰ ৰূপত বিক্ৰী হয়৷
১৩) খালী পেটত কলা চাহ খালে পেট ফুলে অৰ্থাৎ এচিডিটি বাঢ়ে৷
১৪) তুৰ্কীৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে ১০ কাপ চাহ খায়৷
১৫) ষ্ট্ৰং টী বেছিকৈ সেৱন কৰিলে গেষ্ট্ৰিক আলচাৰ বৃদ্ধি হোৱাৰ সম্ভৱনা থাকে৷