Local, Vocal, Global

CAA-EIAৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুৰ ‘মানৱ শৃংখল’

CAA আৰু EIA ৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুৰ মানৱ শৃংখল কাৰ্যসূচী। গোলাঘাটতো আছুৰ “কা”বিৰোধী আন্দোলন৷ “মানৱ শৃংখল”কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল ছাত্ৰ সংগঠনটো। সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ উদ্যোগত নগৰৰ বাটা পইণ্টত “মানৱ শৃংখল” কাৰ্যসূচী পালন কৰে ছাত্ৰ সংগঠনটোয়ে।নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি প্ৰতিবাদস্থলীৰ পৰা স্পষ্ট কৰি দিয়ে আছুয়ে। অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তকো কঠোৰ ভাষাৰে সমালোচনা কৰে আছুৱে।

CAA আৰু EIA ৰ বিৰুদ্ধে ওদালগুৰিতো আছুৰ  মানৱ শৃংখল কাৰ্যসূচী। ওদালগুৰি জিলা ছাত্ৰসন্থাৰ উদ্যোগত আৰু ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত CAA আৰু EIAৰ বিৰুদ্ধে বৃহস্পতিবাৰে চহৰখনৰ মাজমজিয়াত সাব্যস্ত কৰে মানৱ শৃংখল  কাৰ্যসূচী। বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস আৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰে চৰকাৰক৷ ‘কা’ বাতিল নহ’লে পৰিস্থিতি আৰু ভয়ানক হব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে।