Local, Vocal, Global

বোকাজানত বিলাতী মাটি কাৰখানাত আছুৰ প্ৰতিবাদ

67

বোকাজান বিলাতী মাটি কাৰখানাত বহি:ৰাজ্যৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবে কাৰখানাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই বিভিন্ন সময়ত থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰি বহি:ৰাজ্যৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া দেখিবলৈ পোৱা যায়। ঠিক পূৰ্বৰ দৰেই বিগত কিছু দিন পূৰ্বে ৯ জনকৈ বহি:ৰাজ্যৰ যুৱকক কাৰখানাত সংস্থাপিত কৰিবলৈ বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই এক ষড়যন্ত্ৰ কৰিছিল আৰু যাক লৈ এতিয়া সৰৱ হৈ পৰিছে আছু । থলুৱাক বঞ্চনা কৰা কাৰখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছুৰ । কোনো কাৰণতেই থলুৱাক বঞ্চনা কৰি বহি:ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিব নোৱাৰিব আৰু ১০০% থলুৱাক নিযুক্তি দিব লাগিব বুলি সকীয়াই দিয়ে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই । যি সময়ত কৰ’না মহামাৰীৰ গ্ৰাসত পৰি ৰাজ্যৰ লাখ লাখ থলুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছে তেনে সময়তে কাৰখানা কৰ্তৃপক্ষৰ এনেবোৰ চক্ৰান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে । লগতে ১০০% থলুৱা প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবী তুলি বিলাতী মাটি কাৰখানাৰ মুখ্য পৰিচালন সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।