Local, Vocal, Global

এক ভয়ংকৰ পথ দুৰ্ঘটনা ! দুৰ্ঘটনা নিহত ১১ জন লোক

ডিজিটেল ডেস্ক:-শুকুৰবাৰে ছত্তীশগড়ৰ বালোদা বাজাৰ জিলাত এখন ট্ৰাক আৰু পিকআপ ভানৰ মাজত সংঘৰ্ষ হয়। সংঘৰ্ষ ফলত ১১ জন লোক নিহত হয় আৰু আন কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে,পিকআপ বাহনখন এটা অনুষ্ঠানৰ পৰা উভতি আহি আছিল ।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি,ছিমগা অঞ্চলৰ খিলোৰা গাঁৱৰ বাসিন্দসকলে এক অনুষ্ঠানত অংশ ল’বলৈ এখন পিকআপ ভ্যানত অৰ্জুনি গাঁৱলৈ গৈছিল আৰু তাৰ পৰা উভতি অহা পথত খামৰীয়া গাঁৱৰ সমীপত বাহনখনে এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে।মৃতসকলৰ ভিতৰত চাৰিটা শিশু আছিল।

খবৰ অনুসৰি দুজন ব্যক্তিৰ অৱস্থা অতি সংকটজনক আৰু তেওঁলোকক ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে। “স্থানীয় লোকসকলৰ সহায়ত আহত সকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁলোকৰ কিছুমানক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হয়।ইতিমধ্যে মৃতসকলোকক আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।