Local, Vocal, Global

চৰাইদেউৰ সাপেখাতীত আত্মজাহৰ প্ৰচেষ্টা এগৰাকী ছাত্ৰীৰ

নিউজ ডেস্ক,৭ জুন : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ আনন্দ উল্লাহৰ মাজতেই চৰাইদেউৰ (Charaideo) সাপেখাতীত(Hapekhati) শোকাৱহ ঘটনা ৷

আজি ঘোষিত HSLC পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি নিজৰ দেহত কেৰাচিন ঢালি আত্মজাহৰ প্ৰচেষ্টা এগৰাকী ছাত্ৰীৰ ৷

ৰহন গোহাঁই গাঁৱৰ পল্লৱী বৰগোহাঁইয়ে চাৰিটা বিষয়ত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাৱেই সংঘটিত কৰিলে এই ঘটনা ৷ ছাত্ৰী গৰাকীৰ ইতিমধ্যে দেহৰ ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে ৷

পৰিয়ালৰ লোকে প্ৰথমে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷