Local, Vocal, Global

শক্তিশালী ভূমিকম্পই জোঁকাৰি গ’ল পেৰু-ইকুৱেডৰক…

ডিজিটেল ডেস্ক:- শণিবাৰে এক শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ইকুৱেডৰ আৰু পেৰু, ভূমিকম্প’টোত ফলত কমেও ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হোৱাৰ খবৰ আহিছে। জোকাৰণিৰ ফলত ঘৰ আৰু অট্টালিকা ক্ষতিগ্ৰস্ত হয় । ভূমিকম্পটোত দুয়োখন দেশৰ বহু অট্টালিকা তথা সা-সম্পত্তি যথেষ্ট বিনষ্ট হয়।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে প্ৰকাশ কৰা অনুসৰি,ৰিখতাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৬.৮। কম্পনটো দেশৰ দ্বিতীয় বৃহত্তম চহৰ গুয়াকুইলৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ (৫০ মাইল) দক্ষিণে কেন্দ্ৰীভূত হৈছিল, যিয়ে তিনি নিযুতৰো অধিক লোকৰ মেট্ৰ’ এলেকা তৈয়াৰ কৰে।এই ভূমিকম্পটোৰ পিছতে দুয়োখন দেশৰ জনসাধাৰণ শংকিত হৈ পৰিছে।

ইকুৱেডৰৰ ৰাষ্ট্ৰপতিয়ে এটা টুইটযোগে কয়’এটিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে।লগতে ৰাষ্ট্ৰপতিগৰাকী দেশৰ জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনায়।
অৱশ্যে ভূমিকম্পটো অহাৰ পিছতে আৰক্ষী প্ৰশাসন তথা উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰে।