Local, Vocal, Global

নিশা দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত,দুৰ্ঘটনাত নিহত এগৰাকী আৰক্ষী বিষয়া…

ডিজিটেল ডেস্ক:নিশা দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত।টেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।সংঘৰ্ষত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষীৰ বিষয়া আনহাতে আহত হয় আন এজন।

দুধনৈৰ মণ্ডলগ্ৰামত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।পথ দুৰ্ঘটনাত নিহত আৰক্ষীৰ বিষয়া গৰাকীৰ শশধৰ ব্ৰহ্ম বুলি জানিব পৰা গৈছে।

নিহত শশধৰ ব্ৰহ্ম গোৱালপাৰা আৰক্ষীৰ District Special Branchৰ ASI আছিলে।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে অসম আৰক্ষীৰ কনিষ্টবল সুধীলাল ৰাভা৷ সংকটজনক অৱস্থাত ৰাভাক GMCH লৈ প্ৰেৰণ ৷

কৃষ্ণাইৰ পৰা দৰংগিৰি অভিমুখে বাইকেৰে দুয়ো গৈ থকা সময়তে অচিনাক্ত বাহনৰ খুন্দাত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷