Local, Vocal, Global

তিনি সন্তানৰ পিতৃৰ কামনাৰ বলি শাৰীৰিকভাবে অক্ষম যুৱতী

নিউজ ডেস্ক, ৬ জুন : ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে ধৰ্ষণৰ দৰে নিকিষ্ট ঘটনা।

সোমবাৰে বটদ্ৰৱাৰ জামুগুৰিত এগৰাকী শাৰীৰিক ভাবে অক্ষম যুৱতী তিনি সন্তানৰ পিতৃৰ কামনাৰ বলি হোৱা ঘটনাক লৈ উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ।

নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি গাঁৱত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা।

জামুগুৰি গাঁৱৰ লম্পট যুৱক শ্বিৰাজুল ইছলামে অবৈধ বাবে অন্তসত্তা কৰাৰ অভিযোগ একে গাঁৱৰে এগৰাকী বিশেষভাবে অক্ষম যুৱতীক। যুৱতী গৰাকীক অন্তসত্তা কৰাৰ পিছত গৰ্ভপাত কৰাবলৈ টেবলেট খুওৱাত যুৱতী গৰাকী অসুস্থ হৈ পৰাৰ পিছতেই উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

দুই ফৈদৰ মাজত মাৰপিট হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ।

ঘটনাক অন্য ৰূপ দিবলৈ শ্বিৰাজুল ইছলাম নামৰ যুৱক জনৰ পৰিয়ালে নিজেই নিজৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ অভিযোগ তুলিছে যুৱতীগৰাকীৰ পৰিয়ালে ।