চাপৰত বলেৰো আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ !

চাপৰৰ বহলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা।চাপৰ থানাৰ অন্তৰ্গত বহলপুৰ তটপাৰাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দূৰ্ঘটনাটো।
AS-19-E-007নম্বৰৰ বলেৰো বাহন আৰু AS17-8307নম্বৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ।সংঘৰ্ষৰ ফলত গুৰুতৰ ভাৱে আহত বাইক আৰোহী জন।আহত বাইক আৰোহী জনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।সংকটজনক অৱস্থাত বাইক আৰোহী জনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা হয়।ঘটনাস্থলিত চাপৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহন দুখন জব্দ কৰে।