ছচিয়েল মিডিয়াত বিয়পি পৰিছে কেইখনমান ছবি!৫০০ টকীয়া নোটেৰে সজাই থোৱা মিঠাই…

ডিজিটেল ডেস্ক:- ছচিয়েল মিডিয়াত বিয়পি পৰিছে কেইখনমান ছবি।মুকেশ আম্বানীৰ পত্নী নীতা মুকেশ আম্বানীয়ে ৩১ মাৰ্চত মুম্বাইত এক সাংস্কৃতিক কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৰ নাম নীতা মুকেশ আম্বানী কালচাৰেল চেন্টাৰ চমুকৈ এন এম এ চি চি । এই অনুষ্ঠানত বলীউডৰ বহু চেলিব্ৰিটি উপস্থিত থাকে লগতে উপস্থিত থাকে বহু নামী-দামী ব্যক্তি।উক্ত অনুষ্ঠানটিৰ শুভ উদ্বোধনী পিছত ১ এপ্ৰিলৰ নিশা মুম্বাইত এক প্ৰীতিভোজৰ আয়োজন কৰিছিল আম্বানী পৰিয়ালে।অতিথিসকলৰ বাবে আয়েজন কৰা হৈছিল নোটেৰে সজোৱা মিঠাই এই মিঠাইৰ ওচৰত সজাই ৰখা হৈছিল পাঁচশ টকীয়া নোট।এই মিঠাইৰটোৰ নাম ‘দৌলত কি চাট’ ।আৰু ই দিল্লীৰ জনপ্ৰিয় ষ্ট্ৰীট ফুড। এই অনুষ্ঠানত ব্যৱসায়ী জগতৰ লগতে বলিউডৰ প্ৰীয়ংকা চোপ্ৰা, নিক জোনাছ, ৰণবীৰ সিং, দিপিকা পাডুকন, কিয়াৰা আদৱানী আদিকে ধৰি বহু তাৰকা উপস্থিত থাকে। অনুষ্ঠানটোত উক্ত মিঠাইৰ ব্যঞ্জনটোৱে লাভ কৰিছিল বিশেষ সমাদৰ।
কিন্তু সামজিক মাধ্যমত ভাইৰেল হোৱা ব্যঞ্জনটোত পৰিৱেশন কৰা টকা আছিল নকল। মাত্ৰ সজাই তোলাৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল এই নকল টকা। যি টকাক অনুষ্ঠানটোত বহুতে আচল বুলি সৰ্বত্ৰে চলিছিল চৰ্চা।