চৰ্চাত মাতৃ আৰু পুত্ৰৰ এটি যুটি
নিউজ ডেস্ক, ১০ আগষ্ট : এইবাৰ চৰ্চাত আহিছে মাতৃ আৰু পুত্ৰৰ এটি যুটি। প্ৰিয়জনৰ সহায়ৰ জৰিয়তে যেন সকলো কামেই সম্ভৱ হৈ উঠে।
এই কথাকেই প্ৰমাণ কৰিলে মাতৃ আৰু পুত্ৰৰ এটি যুটিয়ে। কেৰালাত অনুষ্ঠিত হোৱা Public Service Commission (PSC) পৰীক্ষাত মাতৃ-পুত্ৰই একেলগে পাছ কৰিলে ৷
পুত্ৰ বিবেকে সংবাদ মাধ্যমৰ আগত কয় যে— ‘আমি দুয়ো একেলগে পঢ়িছিলো যদিও কেতিয়াও ভবা নাছিলো যে আমি একেলগে যোগ্যতা অৰ্জন কৰিম। আমি দুয়ো অতি সুখী৷’
উল্লেখ্য যে, মাতৃ বিন্দুৱে বিগত ১০ বছৰে অংগনৱাড়ী কেন্দ্ৰত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল ৷