হিন্দু ধৰ্মৰ এক বছেৰেকীয়া উৎসৱ অম্বুবাচী

জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়

এই সময়ত সেয়ে হিন্দুসকলে পালন কৰে অম্বুবাচী

অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা আৰু চতুৰ্থ দিনটোক শুদ্ধি বুলি কোৱা হয়

ফলস্বৰূপে, সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ কৰি দিয়া হয়

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়

চতুৰ্থ দিনটোত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে

এই সময়ছোৱাত অন্যান্য স্থানতো মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ ৰখা হয়

ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয়

অম্বুবাচীৰ কালছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়

গুৱাহাটীৰ কামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাবে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়

কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত যোগাই আহিছে ভালেখিনি অৰিহণা