Local, Vocal, Global

নলবাৰীত মুকলি ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি

আজি মহাশিৱৰাত্ৰি ।ৰাজ্যজুৰি দেৱাদিদেৱ মহাদেৱ আৰাধনা।মহাদেৱৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্য়ৰ বিভিন্ন প্ৰান্ত।নলবাৰীত মুকলি হ’ল অসমৰ সবাতোকৈ উচ্চতাৰ শিৱ মূৰ্তিটো।৯১ ফুট ওখ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম উচ্চতাৰ মহাদেৱৰ মূৰ্তি।নলবাৰীৰ শ্ৰী শ্ৰী বাবা দুধনাথ খাৰঝাৰা আশ্ৰমৰ সমীপত এই শিৱ মূৰ্তিটো চিমেন্ট আৰু শিলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।এই শিৱ মূৰ্তিটো নিৰ্মাণ কৰোতে ৩২ লাখ টকা খৰচ হৈছে।শিৱ মূৰ্তিটো নিৰ্মাণ কৰোতে খৰচ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে ব্যয় কৰে ।এই শিৱ মূৰ্তিটো খনিকৰ প্ৰদীপ আৰু তেওঁৰ ২০ গৰাকী কৰ্মচাৰীৰ দ্বাৰা সাজি উলিওৱা হৈছে।আজি মুকলি কৰা হৈছে এই শিৱ মূৰ্তিটো।মুকলি দিনাই দেখা গৈছে অগণান ভক্তৰ ভিৰ।