Local, Vocal, Global

ভাড়াঘৰত থকা ৯ বছৰীয়া কন্যাক যৌন নিৰ্যাতন

মঙলবাৰে গুৱাহাটী (Guwahati) মহানগৰীত এক জঘন্য ঘটনা সংঘটিত হয়। মহানগৰীৰ পাণ্ডুত এজন লোকৰ কামনাৰ বলি হ’ল এগৰাকী ৯ বছৰীয়া কন্যা শিশু। পাণ্ডুৰ কৈলাশ নগৰত ভাৰাতীয়াৰূপে থকা জালালউদ্দিন নামৰ লোকজনে কাষৰ ভাড়াঘৰৰ এটি ৯ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন (Sexual Molestation) চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ মতে, মঙলবাৰে বিয়লি শিশুটিৰ ঘৰত পৰিয়ালৰ কোনো লোক নথকাৰ সুযোগতে জালালউদ্দিনে যৌন নিৰ্যাতন চলোৱাৰ সময়তে শিশুটিয়ে চিঞৰ বাখৰ কৰে। শিশুটিৰ চিঞৰ বাখৰ শুনা পাই ভাড়াঘৰটোত অঞ্চলটোৰ একাংশ স্থানীয় লোক উপস্থিত হয়। ইয়াৰ পাছতেই স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰি লোকজনক উত্তম-মধ্যম দি জালুকবাৰী আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ লোকজনক থানালৈ লৈ আহে। ঘটনা সন্দৰ্ভত কন্যা শিশুটিৰ পৰিয়ালৰ তৰফৰ পৰা জালুকবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা হয়। উক্ত এজাহাৰৰ ভিত্তিতেই জালুকবাৰী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তক জেৰা চলাই আছে।

ইফালে এই ঘটনাটোত অভিযুক্ত জালালউদ্দিনে সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী বুলি উল্লেখ কৰাৰ লগতে এইয়া তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি প্ৰকাশ কৰিছে। অৱশ্যে এই সকলো কথা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।