Local, Vocal, Global

৯০ দিনৰ ভিতৰত অসমত ৮ প্ৰাৱল্যৰ ভূমিকম্প !

ডিজিটেল ডেস্কঃ-:২০২৩ বৰ্ষত বহুকেইটা ভয়াৱহ ঘটনা সংঘটিত হব পাৰে বুলি ভৱিষ্যত বাণী কৰিছে বিশ্বৰ অন্যতম মহিলা জ্যোতিষী ভেংগা বাবাই। উল্লেখ্য যে এইগৰাকী ভৱিষ্যত দ্ৰষ্টাই ভৱিষ্যত বাণী কৰা বহুকেইটা ঘটনা ইতিমধ্যে সত্য প্ৰমাণিত হৈছে।

২০২১-২২ত কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰু শেহতীয়াকৈ তুৰস্কত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰো ভৱিষ্যত বাণী কৰিছিল ভেংগা বাবাই। একে সময়তে তেওঁ তেওঁৰ ভৱিষ্যত বাণীত ইয়াকো উল্লেখ কৰা হৈছিল যে ২০২৩ বৰ্ষত পাৰমাণৱিক বিশ্ব যুদ্ধৰো সূত্ৰপাত ঘটিব পাৰে। কিন্তু তাৰ মাজতে চলিত বৰ্ষৰ আৰম্ভণিতে সঘনাই হৈ থকা ভূমিকম্পই অধিক উদ্বিগ্ন কৰি তুলিছে বিশ্ববাসীক। অলপতে তুৰস্কত হৈ যোৱা বৰভূঁইকঁপৰ পিছত একাদিক্ৰমে কেইবাটাও ভূমিকম্প অনুভূত হৈছে।

যোৱা ২১ ফেব্ৰুৱাৰীতো তুৰস্কত ভূমিকম্পৰ কম্পন অনুভূত হয়। একেদিনাই আমেৰিকাৰ ভূ-বিজ্ঞানী সংস্থাই প্ৰকাশ কৰা বুলেটিনত এইটো উল্লেখ কৰা হৈছে যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলতো বৰভূঁইকঁপ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। এই ভৱিষ্যত বাণীৰ সমৰ্থনত ভূবিজ্ঞানীসকলে কাৰিকৰী বিশ্লেষণো দাঙি ধৰিছে।

ভূ-বিজ্ঞানীয়ে প্ৰকাশ কৰা তথ্য-শেহতীয়াকৈ বিশ্বৰ ভৌগলিক পৰিৱেশে ভয়াৱহ দুৰ্যোগৰ ইংগিত দিয়া বুলিও আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে মত প্ৰকাশ কৰিছে। ভূ-বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি তুৰস্কত সংঘটিত হৈ যোৱা ভূমিকম্পৰ পিছত প্ৰশান্ত মহাসাগৰীয় টেক্টনিক প্লেটৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হৈছে।

উল্লেখ্য যে প্ৰশান্ত মহাসাগৰীয় বা পেচিফিক টেক্টনিক প্লেট পৃথিৱীৰ আটাইতকৈ বৃহত টেক্টনিক প্লেট। এই প্লেটখনৰ আকাৰ ৩ কোটি ৯৭ লাখ ৬৮ হাজাৰ ৫২২ বৰ্গকিলোমিটাৰ। এই প্লেটখনৰ সামান্য বিচ্যুতি বা লৰচৰে পৃথিৱীত বৃহত ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে। কিন্তু এই বৃহত টেক্টনিক প্লেটখনৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকম্পৰ সম্পৰ্ক কি?
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভোগলিক অৱস্থিতি ইউৰেচিয়ান টেক্টনিক প্লেটৰ শেষ অঞ্চলত। আৰু এই সংযোগ স্থানত ইণ্ডো অষ্ট্ৰেলিয়ান আৰু ইউৰেচিয়ান প্লেটৰ লৰচৰ কৰাতো উত্তৰ পূৰ্বাঞ্চলৰ বাবে অতি ভয়াৱহ।

ইতিমধ্যে আমেৰিকান ভূবিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে প্ৰশান্ত মহাসাগৰীয় টেক্টনিক প্লেটৰ তুলনাত ইউৰেচিয়ান প্লেটৰ আয়তন বহুখিনি কম। ঠিক একেদৰে তুৰস্কৰ ভূমিকম্পৰ পিছত যি ৩খন টেক্টনিক প্লেটৰ স্থান সলনি হোৱা বুলি বিজ্ঞানীসকল নিশ্চিত হৈছে সেই অনুসৰি আগন্তুক ৯০ দিনৰ ভিতৰত ইউৰেচিয়ান প্লেটৰ ওপৰত প্ৰচণ্ড গতিশীল চাপ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে। তেনে পৰিস্থিতিত যদি প্ৰশান্ত মহাসাগৰীয় প্লেটৰ চাপ ইউৰেচিয়ান টেক্টনিক প্লেটৰ ওপৰত পৰে তেন্তে ইউৰেচিয়ান প্লেটৰ ভয়াৱহ মুভমেণ্ট হব পাৰে। ইউৰেচিয়ান প্লেটৰ লৰচৰ হলে অসমসহ উত্তৰ পূৰ্বাঞ্চলত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ থাকিব। ইফালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূগাঁথনি অনুসৰি বৃহত এলেকা এটা ধ্বংসস্তূপত পৰিণত কৰিবলৈ ৭ ৰিখটাৰ স্কেল ভূমিকম্পই যথেষ্ট। ইফালে ভূমিকম্পৰ ঐতিহাসিক অভিলেখ অনুসৰি ৮ ৰিখটাৰ স্কেলতকৈও অধিক প্ৰাবল্যৰ ভূমিকম্পৰ অনুভূমিক কম্পন একেৰাহে ৫-১০ মিনিটপৰ্যন্ত হব পাৰে। আৰু সেই ধৰণৰ বিধ্বংসী ভূমিকম্পই অসম তথা উত্তৰ পূৰ্বাঞ্চলত কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেইটো সহজে অনুমেয়।

উল্লেখ্য যে ১৯৫০ চনত ইউৰেচিয়ান প্লেটৰ অতি নগন্য লৰচৰৰ পৰিণতিত অসমত প্ৰলয়ংকৰী ভূমিকম্প অনুভূত হৈছে। তাৰ পিছত দীৰ্ঘ সময় ধৰি ইউৰেচিয়ান প্লেট প্ৰায় স্থিৰ অৱস্থাত আছে। আৰু সেইবাবে সাম্প্ৰতিক সময়ত ইউৰেচিয়ান প্লেটেই আটাইতকৈ বিপজ্জনক অৱস্থাত থকা বুলিও আমেৰিকান ভূ-বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।

আমেৰিকান ভূবিজ্ঞানীসকলে আশংকা কৰা অনুসৰি যদি ইউৰেচিয়ান টেক্টনিক প্লেট আৰু ইণ্ডিয়ান টেক্টনিক প্লেটৰ সংঘৰ্ষ হবলৈ হয়, তেন্তে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৮তকৈও অধিক প্ৰাবল্যৰ ভূমিকম্পই কল্পনা কৰিব নোৱৰা বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে ভূমিকম্প সম্পৰ্কত অদ্যপি চূড়ান্ত ভৱিষ্যতবাণী কৰিবলৈ বিজ্ঞানীসকল সফল হোৱা নাই। কিন্তু তাৰ বিপৰীতে ভেংগা বাবাৰ ভৱিষ্যতবাণীয়ে কিন্তু অধিক শংকিত কৰি তুলিছে দেশৰ জনগণক।