Local, Vocal, Global

৩৯ লাখ টকাত নিলাম হ’ল সুৰাৰ বটল!

 

আপুনি কিমান দামী সুৰা সেৱন কৰিছে? কিয়নো এই খন পৃথিৱীতেই  এটা সুৰাৰ বটল নিলাম হৈছে ভাৰতীয় মূল্যত প্ৰায় ৩৯ লাখ টকাত। এই আজৱ ঘটনা সংঘটিত হৈছে হংকঙৰ এখন নিলাম বজাৰত। যি ঘটনাই আচৰিত কৰি তুলিছে সকলোকে। এই বটলটোৰ আয়ুস কাল ৭২ বছৰ। স্কটলেণ্ডৰ হুইস্কি প্ৰস্তুত কৰা কম্পেনী ‘Glen Grant Single Malt’ ৰ এই বিশেষ পুৰণি সুৰা বটলটো ক্ৰয় কৰে এজন নামী ব্যৱসায়ীয়ে। নিলামী বজাৰ খনত এই বিশেষ বটলটো নিলাম হয় ৪ লাখ ২১ হাজাৰ ৬শ হংকং ডলাৰত।