গুজৰাটৰ ৰাসায়নিক কাৰখানাত সংঘটিত ৬ জন লোক নিহত

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ গুজৰাটৰ ভাৰুচ জিলাত এক ৰাসায়নিক কাৰখানাত( chemical factory) ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত ৬ জনকৈ লোক অগ্নিদ্বগ্ধ হৈ মৃত্যু মুখত পৰে।
এই অগ্নিকাণ্ডৰ ফলত আন এজন লোক সন্ধানহীন হৈ আছে। গুজৰাটত(gujarat) ৰাসায়নিক কাৰখানাত এই ঘটনা সংঘটিত হয়।
এই ঘটনা আহমেদাবাদৰ পৰা প্ৰায় ২৩৫ কিলোমিটাৰ নিলগৰ দাহেজ ঔদ্যোগিক এলেকাত অৱস্থিত ৰাসায়নিক কাৰখানাত পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয়।
ভাৰুচৰ আৰক্ষী অধীক্ষক লীনা পাটিলে কয় যে, ছয়জন ভুক্তভোগীয়ে এটা চুল্লিৰ ওপৰত কাম কৰি থকাৰ সময়তেই এই ঘটনা সংঘটিত হয়।
চুল্লিত হোৱা এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ জুইৰ লেলিহান শিখাই কোম্পানীটোৰ চাৰিওফালে আগুৰি ধৰে। ইয়াৰপিছতেই মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।