Local, Vocal, Global

ধৃতিৰাজক প্ৰশংসাৰে ওপচাই পেলাইছে শিক্ষামন্ত্ৰীয়ে


আজি ফলাফল ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰা দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাক অভিনন্দন জনোৱাৰ লহগতে উষ্ণ প্ৰশংসাৰে  ওপচাই পেলাইছে শিক্ষামন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ফেচবুক পেজৰ ষ্টেটাছৰূপে শিক্ষামন্ত্ৰী  গৰাকীয়ে ধৃতিৰাজক উদ্দেশ্যি ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে লিখিছে এই অভিনন্দন বাৰ্তা তথা প্ৰশংসা সূচক বাক্য –                               Heartiest congratulations to Dhritiraj Bastav Kalita as he tops HSLC 2020 examinations by scoring 595 out of 600 marks. Keep it up. You have a long way to go.Keep shining .Best wishes

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬০০ নম্বৰৰ ভিতৰত ৫৯৫ নম্বৰ পাই শীৰ্ষস্থান অৰ্জন কৰা ধৃতিৰাজ বাস্তৱ কলিতালৈ অভিনন্দন জনালোঁ ৷আলোকময় এই যাত্ৰা অব্যাহত থাকক ৷ জীৱনত আৰু বহুদূৰ বাট যাবলৈ আছে তোমাৰ ৷ সদায়েই নিষ্ঠা আৰু পৰিশ্ৰমৰ ওপৰত ভৰষা কৰিবা ৷ তোমাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ ৷