Local, Vocal, Global

ক’ভিড, অসমৰ পিছতেই ত্ৰিপুৰা

মহামাৰী কভিড ১৯ এ ভয়াবহতাৰ সৃষ্টি কৰিছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত । বাতৰি লিখা পৰ্যন্ত অসমত কভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে ১,৮৭৭ গৰাকীলৈ। সমান্তৰালভাৱে অসমৰ পিছতেই উত্তৰ পূৰ্বাঞ্চলৰ কভিড আক্ৰান্তৰ তালিকাত ২ য় স্থানত প্ৰবেশ কৰিছে ত্ৰিপুৰাই। ত্ৰিপুৰাত কভিড আক্ৰান্তৰ সংখ্যা হলগৈ ৪ শতাধিক। যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে ত্ৰিপুৰাৰ জনতাৰ লগতে প্ৰশাসন। ৰাজ্যখনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে জনতাৰ কাষলৈ গৈ সকলো দিশ পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে জনসাধাৰণক সতৰ্ক হৈ থকাৰ লগতে ক’ৰ’ণাৰ ভয়াবহতা সম্পৰ্কে সচেতন আৰু সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীজনে ত্ৰিপুৰাৰ ঊনকোটি জিলা আৰু উত্তৰ ত্ৰিপুৰা জিলাত উপস্থিত হৈ ৰাইজক ক’ৰ’ণা সংক্ৰমনৰ ভয়বহতাৰ বিষয়ে অৱগত কৰি এই সন্দৰ্ভত ৰাইজক চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনায়। ত্ৰিপুৰাত পানীসাগৰ অগ্নিপাশা গ্ৰাম পঞ্চায়তত কভিড ১৯ ৰ লগত যুঁ‌জ দিবলৈ মণিটৰিং কমিটি গঠনৰ কথা উল্লেখ কৰিছে। বৰ্তমানৰ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহো মুখ্যমন্ত্ৰীজনে পৰিদৰ্শন কৰি এই সন্দৰ্ভত বিভিন্ন চৰকাৰী প্ৰকল্প স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে ত্ৰিপুৰাৰ কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহত প্ৰয়োজনীয় সুবিধাসমূহ উপলব্ধ হৈছে নে নাই সেই বিষয়েও এক অনুসন্ধান কৰিছে।