Local, Vocal, Global

মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুত্বৰভাৱে আহত ৪ জন

নিউজ ডেস্ক, ৬ জুন : সোমবাৰে শিলচৰ-গুৱহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ইণ্ডিকা আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত গুৰুত্বৰভাৱে আহত হৈছে৪ জন লোক।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তিনি গৰাকী কৰ্মচাৰী AS-11-E 17B- 6872 নম্বৰৰ এখন ইণ্ডিকা বাহনেৰে গুৱহাটীৰ বিভাগীয় প্ৰশিক্ষণলৈ যোৱাৰ পথত বিপৰীত দিশৰ পৰা অহা AS-17B-6337 নম্বৰৰ ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ৷

দুর্ঘটনাত আহত ব্যক্তি কেইগৰাকী কাটিগৰা উন্নয়ন খণ্ডৰ সিদ্ধেশ্বৰ জিপি সচিব অশোক কুমাৰ দত্ত, বৰখলা জিপি সচিব খাইৰুল ইছলাম বৰভুঞা, অতিৰিক্ত অভিযন্তা ৰঞ্জিত দাস আৰু চালক ৰাজদ্বীপ দত্ত ৷