Local, Vocal, Global

৩.৯ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰণি গ’ল মেঘালয় , গুৱাহাটীতো কম্পনৰ অনুভৱ…

বৃহস্পতিবাৰে ৰাতিপুৱা মেঘালয়ৰ পূব খাচী পাহাৰত ভূমিকম্প কম্পনৰ অনুভুত হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে নিশ্চিত কৰিছে।
কেন্দ্ৰৰ মতে, পুৱা ৯.২৬ বজাত ৩.৯ প্ৰাবল্যৰ ভূমিকম্পটো সংঘটিত হয়।গুৱাহাটীৰো কিছু অংশত মৃদু কম্পন অনুভৱ কৰা হৈছিল।

এক টুইটযোগে কেন্দ্ৰটোৱে কয়, “ভূমিকম্প প্ৰাবল্যৰ ৩.৯, ১৬-০২-২০২৩, ০৯:২৬:২৯ ভাৰতীয় সময়মতে, লাট: ২৫.৩০ আৰু দীঘল: ৯১.৭১, গভীৰতা: ৪৬ কি.মি, অৱস্থান: পূব খাচী পাহাৰ, মেঘালয়।”