Local, Vocal, Global

পাকিস্তানত ৰে’লত ভয়ংকৰ বিস্ফোৰণ,২জন নিহত,আহত ৪জন !

পাকিস্তানৰ ৰে’লত ভয়ংকৰ বিস্ফোৰণ ।কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছত সংঘটিত হয় এই বিস্ফোৰণ।এই বিস্ফোৰণৰ ফলত কমেও দুজন যাত্ৰী নিহত হয় আৰু চাৰিজন আহত হয়।কুৱেটালৈ যোৱা জাফৰ এক্সপ্ৰেছৰ চিচাভানি ৰেলৱে ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে সংঘটি হয় এই বিস্ফোৰণ।পেছাৱৰ পৰা আহি আছিল জাফ্ফৰ এক্সপ্ৰেছ।আহত যাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।বিস্ফোৰণৰ কেনেকৈ সংঘটিত হ’ল তদন্ত অব্যাহত ৰাখিছে।
৩০ জানুৱাৰীত জাফৰ এক্সপ্ৰেছক এটা বিস্ফোৰণে লক্ষ্য কৰি লৈছিল। বেলুচিস্তানৰ কাছি জিলাৰ মাচ অঞ্চলৰ সমীপৰ ৰেলখনক লক্ষ্য কৰি লোৱা হয়।এমাহৰ ভিতৰত এইটো দ্বিতীয়টো কাণ্ড।