Local, Vocal, Global

Mumbai-Howrah Train Accident : লাইচ্যুত হ’ল হাওৰা-মুম্বাই মেইল;নিহত দুজন ,আহত ২০জন

নিউজ ডেস্ক,৩০জুলাই : পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এমাহৰ ভিচৰতে দেশত তৃতীয়টো ৰে’ল দুৰ্ঘটনা।সোমবাৰে পুৱতি নিশা ঝাৰখণ্ডৰ টাটানগৰৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা(Mumbai-Howrah Train Accident)৷

হাওৰাৰ পৰা মুম্বাইলৈ যোৱা ১২৮১০ হাওৰা-CSMT মেইলৰ ১০টাকৈ ডবা লাইনচ্যুত। ফলত সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । এই দুৰ্ঘটনাত মৃত্যু হয় দুজনকৈ লোকৰ ।আনহাতে আহত হয় প্ৰায় ২০গৰাকীকৈ যাত্ৰী । পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন।

চক্ৰধৰপুৰ ৰে’ল দুৰ্ঘটনাৰ পিছত ৰাঁচীত হেল্প ডেস্ক মুকলি কৰা হৈছে। ইতিমধ্যে ৰাঁচীৰ পৰা চিকিৎসকৰ দলো চক্ৰধৰপুৰলৈ ৰাওনা হৈছে। ৰাঁচীৰ পৰা অহা চিকিৎসা দলটোক পুৱা ৫ বজাত বিশেষ ভ্যানত চক্ৰধৰপুৰলৈ প্ৰেৰণ কৰা হৈছে(2 killed, 20 injured as 18 coaches of Mumbai-Howrah Mail derail in Jharkhand)।

ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত তথ্য লাভৰ বাবে ৰাঁচীৰ হেল্প ডেস্কৰ নম্বৰ হৈছে ০৬৫১-২৭-৮৭১১৫। সাধাৰণ মানুহে এই নম্বৰত ফোন কৰি সাহায্যৰ কাম, পৰিয়ালৰ সদস্যৰ লগতে দুৰ্ঘটনাৰ পিছত আন তথ্য লাভ কৰিব পাৰে। ইয়াৰ উপৰিও আন আন হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে। টাটা- ০৬৫৭-২২৯০৩২৪, আৰ এল ৱাই- ৭৩৫২৩ নম্বৰত ফোন কৰিব পাৰে(2 Killed As 18 Coaches Derail In Jharkhand)।

এই দুৰ্ঘটনাৰ পিছত ৰে’লৱেই হেল্পলাইন নম্বৰ মুকলি কৰিছে। টাটানগৰৰ ০৬৫৭২২৯০৩২৪, চক্ৰধৰপুৰ ০৬৫৮৭ ২৩৮০৭২, ৰৌৰকেলাৰ ০৬৬১২৫০১০৭২, ০৬৬১২৫০০২৪৪ আৰু হাওৰাৰ ৯৪৩৩৩৫৭৯২০, ০৩৩২৬৩৮২২১৭ নম্বৰত যোগাযোগ কৰি তথ্য লাভ কৰিব পাৰিব।

লগতে পঢ়ক : প্ৰতিশ্ৰুতি আছিল ২৪ ঘন্টাই বিদ্যুৎ দিয়াৰ; কিন্তু প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ ৰ’ল