Local, Vocal, Global

‘৬২ৰ চীনা আগ্ৰাসনৰ স্মৃতি বিজড়িত মিছামাৰীৰ সেনা ঘাটিত কৰ’নাৰ ত্ৰাস

লাডাখ সীমান্তৰ শেহতীয়া পৰিস্থিতিয়ে পুনৰ মনত পেলাই দিছে ৬২ৰ চীনা আগ্ৰাসনৰ স্মৃতি। অৰুণাচলৰ কামেং সীমান্ত পাৰ হৈ তেজপুৰপৰ্যন্ত আগবাঢ়ি আহিছিল আগ্ৰাসী চীনা সৈনিকৰ দল। সেই আগ্ৰাসন শাম কটাৰ পিছতে শোণিতপুৰ জিলাৰ মিছামাৰিত স্থাপন কৰা হৈছিল ভাৰতীয় স্থল সেনাৰ এটা শিবিৰ বা কেন্টনমেণ্ট। পিছে ‘৬২ৰ সেই ভয়াৱহ পৰিস্থিতি সদৃশ সাম্ভাব্য পৰিস্থিতি প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা মিছামাৰীৰ সামৰিক ঘটি এতিয়া কঁপাইছে কাল কৰ’নাৰ ত্ৰাসে। শেহতীয়াকৈ মিছামাৰীৰ সেনা শিবিৰত কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ৩৫। শুকুৰবাৰৰ ভিতৰত এই সেনা শিবিৰত নতুনকৈ তিনিজন লোক কভিড -১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে। ঠিক একে সময়তে শালনিবাৰীত থকা সশস্ত্ৰ সীমা বলৰ শিবিৰতো তিনিজনকৈ জোৱান কভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে। শোণিতপুৰ জিলাত কেইবাজনো কাৰাবন্দীকে ধৰি সামগ্ৰীকভাৱে কৰ’না আক্ৰান্তৰ সংখ্যা শুকুৰবাৰে নিশাপৰ্যন্ত ৩৩৯লৈ বৃদ্ধি পাইছে।