Local, Vocal, Global

15th Mising handloom expo 2024:ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা

ডিব্ৰুগড়,৫ডিচেম্বৰ : ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ডিব্ৰুগড় চহৰৰ মিলন নগৰস্থিত ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা। ১৫ সংখ্যক মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা শুভাৰম্ভ কৰে মৰানৰ বিধায়ক চক্ৰধৰ গগৈয়ে।

হস্ততাঁত আৰু বস্ত্ৰমেলাৰ প্ৰৱেশদ্বাৰৰ ফিটা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ পাছতে নিজৰ ভাষণত বিধায়ক চক্ৰধৰ গগৈয়ে কয়, মিচিং বয়ন শিল্পক বিশ্বমুখী যাত্ৰালৈ নিবলৈ হ’লে ৰূপত ৰসন দিব লাগিব। অৰ্থনৈতিকভাৱে সৱল কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। একেটা প্ৰসংগত বিধায়ক গগৈয়ে কয় যে, মিচিং সকল সাংস্কৃতিকভাৱে চহকী এটা জনগোষ্ঠী। মিচিংসকলৰ সাজ-পোছাকে প্ৰতিগৰাকী মহিলাক মুগ্ধ কৰে(15th Mising handloom expo 2024)।

ইতিমধ্যে মিচিং সকলৰ বয়ন শিল্পই জিআই-টেগৰ স্বীকৃতি লাভ কৰাৰ লগে লগে অৰ্থনৈতিকভাৱে জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, আজিৰে পৰা অহা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা।এই মেলাত ৰাজ্যখনৰ প্ৰায় ৫০ খন বস্ত্ৰ বিপনীয়ে অংশগ্ৰহণ কৰিছে। মিচিং জনগোষ্ঠীৰ বয়নশিল্পই জিআই-টেগৰ স্বীকৃতি লাভ কৰাৰ পিছতে মিচিংসকলৰ বস্ত্ৰশিল্পই যথেষ্ট সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে।

লগতে পঢ়ক :Elephant menace in Sonitpur:শোণিতপুৰৰ বৰছলাত বনৰীয়া হাতীৰ তাণ্ডৱ