Local, Vocal, Global

মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত;নিহত ১৪ গৰাকী ,আহত ৬০ জনৰো অধিক !

ডিজিটেল ডেস্ক:-মধ্য প্ৰদেশৰ ছিধিত ভয়াবহ পথ দুৰ্ঘটনাত।মধ্য প্ৰদেশত ট্ৰাক আৰু বাছৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো।নিয়ন্ত্ৰয় হেৰুৱাই এখন চিমেণ্ট ভৰ্তি ট্ৰাকে পথৰ কাষত ৰখাই থোৱা তিনিখন বাছত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাটো ইমানে ভয়াৱহ আছিল যে দুৰ্ঘটনাটোৰ ফলত ১৪ গৰাকী লোক নিহত হয় আৰু গুৰুতৰভাৱে আহত হয় ৬০ জনৰৈ অধিক।

শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত ৰেৱা-সাতনা সীমান্তস্থিত মোহনীয় টানেলৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয় আৰু বাছত থকা লোকসকলে সাতনা চহৰৰ ‘কোল মহাকুম্ভ’ৰ পৰা উভতি আহি আছিল।ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত হৈ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে নিহতলোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।লগতে আহত লোকসকলোকক উন্নত চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্য়ৱস্থা কৰাৰ বাবে স্থানীয় প্ৰশাসনক নিৰ্দেশনা দিয়ে।আহত সকলক তৎকালীন চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

শুকুৰবাৰে নিশা ৰেৱা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আহত লোকসকলক সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে চিমেণ্ট ভৰ্তি ট্ৰাকখনে টায়াৰ ফাটি যোৱাৰ ফলত ৰাস্তাৰ কাষত ৰখাই থোৱা তিনিখন বাছত খুন্দা মাৰে।সংঘৰ্ষৰ পলত এখন বাছ এফালে বাগৰি পৰে, আনহাতে আনখন ফালে ওলোটাই যাত্ৰীসকল আঘাতপ্ৰাপ্ত হয়, তেওঁ কয়।ঘটনাটোক “অতি দুৰ্ভাগ্যজনক” বুলি অভিহিত কৰি শ্ৰী চৌহানে কয় যে প্ৰয়োজন হ’লে ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে ৰেৱাৰ বাহিৰত বিমানেৰে লৈ যোৱা হ’ব।

জানিব পৰা মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক অনুষ্ঠানত অংশগ্ৰহন কৰি উভতি অহা লোকসকলক কঢ়িয়াই বাছ তিনিখন আহি আছিল।আহত লোকসকলৰ ৯ গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়ালক ১০ লাখ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে আৰু লগতে কয় যে মৃত ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিও আগবঢ়োৱা হ’ব।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক 2 লাখকৈ দিয়া হ’ব, আনহাতে আন আঘাতপ্ৰাপ্তসকলক এক লাখ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব ।মৃতকৰ পৰিয়ালক কেইবাটাও কল্যাণমূলক আঁচনিৰ প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ৰাজ্য়খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে টুইটযোগে দুৰ্ঘটনাত নিহত যাত্ৰীসকলৰ মৃত্যুক শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।