Local, Vocal, Global

128 Roads In Himachal Closed Due To Landslides : হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন;ৰাজ্যখনৰ বন্ধ হৈ পৰিছে ১২৮টা পথ

নিউজ ডেস্ক,১০আগষ্ট : পাহৰীয়া ৰাজ্য হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন। ৰাজ্যখনত ভয়ংকৰ ভূমিস্খলনৰ ফলত জাৰি কৰা হৈছে সতৰ্কবাণী । ৬খন জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী(128 Roads In Himachal Closed Due To Landslides)।

জানিব পৰা মতে,ৰাজ্যখনত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা । ৰাজ্যখনৰ বন্ধ হৈ পৰিছে ১২৮টা পথ।ইফালে মাণ্ডিত ৬০টা, কুল্লুৰত ৩৭টা, চিমলাত ২১টা, সমীৰপুৰত এটা পথত যাতায়াত ব্যাহত হৈছে। বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা ব্যৱস্থা।ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে জিলা কেইখনৰ স্থানীয় লোকসকল(Landslides Block 128 Roads in Himachal; Flood Warning Issued for six Districts)।

বতৰ বিজ্ঞান কেন্দ্ৰই প্রচণ্ড ধুমুহাৰ বাবে হিমাচলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । ৰাজ্যখনত ১৫আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্রই।

লগতে পঢ়ক : World Lion Day 2024 : আজি বিশ্ব সিংহ দিৱস; প্ৰতি বছৰে ১০ আগষ্টত সমগ্ৰ বিশ্বতে বিশ্ব সিংহ দিৱস পালন কৰা হয়