Local, Vocal, Global

কোভিড ভেকচিন ল’লে ১০৩ বছৰীয়া আইতাই

বাংগালোৰৰ বেনাৰঘাটতা পথৰ এপল’ হাস্পতালত ১০৩ বছৰীয়া মহিলা এগৰাকীয়ে লয় কোভিড-19 ভেকচিনৰ প্ৰথমটো ড’জ । উল্লেখ্য যে কোভিড-19 ভেকচিন লোৱা লোকসকলৰ ভিতৰত সবাতোকৈ বয়সীয়া মহিলা হ’ল জে. কামেশ্বৰী নামৰ এই মহিলাগৰাকী । এই তথ্য উল্লেখ কৰিলে হাস্পতালখনৰ কৰ্তৃপক্ষই ।

আনহাতে পৰৱৰ্তী সময়ত জে. কামেশ্বৰীৰ বাহিৰেও মহাবীৰ প্ৰসাদ মহেশ্বৰী নামৰ আন এজন ব্যক্তিয়ে নয়ডাত ভেকচিনৰ প্ৰথমটো ড’জ লয় । আকৰ্ষণীয় যে মহাবীৰ প্ৰসাদৰো বয়স আছিল ১০৩ বছৰেই ।