Local, Vocal, Global

ৰেলত ডাঙৰকৈ কথা ক’লেই যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা

এতিয়াৰে পৰা ৰেলত ডাঙৰকৈ কথা ক’লেই যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ৰেলৱেই যাত্ৰীসকলৰ ৰেল যাত্ৰা অধিক আৰামদায়ক কৰি তুলিবলৈ ৰে’লৰ দবাৰ ভিতৰত উচ্চ স্বৰত সংগীত বজোৱা আৰু ফোনত ডাঙৰকৈ কথা পতা নিষিদ্ধ কৰিছে।
দৰাচলতে ডাঙৰকৈ সংগীত বজালে বা ফোনত ডাঙৰকৈ কথা ক’লে আন বহু যাত্ৰীৰ শান্তি ভংগ হ’ব পাৰে। সেইবাবেই ৰে’ল বিভাগে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল যাত্ৰীয়ে ডাঙৰকৈ কথা পাতি থকা বা উচ্চ স্বৰত সংগীত বজাই ধৰা পৰিব তেওঁক কঠোৰভাৱে জৰিমনা বিহা হ’ব বুলি ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি কোনো যাত্ৰীৰ এনে আচৰণৰ বাবে যদি আন কোনো যাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হয় তেন্তে ৰেলকৰ্মচাৰীসকলক এই কাৰ্যৰ বাবে দায়বদ্ধ কৰা হ’ব। ৰে’ল মন্ত্ৰালয়ে এই সন্দৰ্ভত বহু অভিযোগ পোৱাৰ বাবেই এনে কঠোৰ নিয়মৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছে। আৰপিএফ, টিকট পৰীক্ষক, কোচ এটেণ্ডেণ্ট আৰু কেটাৰিঙকে ধৰি ৰে’ল কৰ্মচাৰীসকলে যাত্ৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিব । পশ্চিম ৰে’লৱেৰ এজন বিষয়াই এনে সিদ্ধান্তৰ কথা নিশ্চিত কৰিছে।

নতুন নিয়মত এইটোও কোৱা হৈছে যে দলবদ্ধভাৱে ভ্ৰমণ কৰা যাত্ৰীসকলক নিশা লৈকে কথা পাতিবলৈ অনুমতি দিয়া নহ’ব আৰু দবাৰ লাইট নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব । যিসকল যাত্ৰীয়ে এনে নিয়মসমূহ পালন নকৰে তেওঁলোকক ৰে’ল আইন অনুসৰি জৰিমনা বিহা হ’ব।