Local, Vocal, Global

৭৬ দিনৰ মূৰত খোল খালে প্ৰসিদ্ধ ত্ৰিপুৰেশ্বৰী মন্দিৰ

প্ৰায় ৭৬ দিনৰ মূৰত খোল খালে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ গোমোতি জিলাত অৱস্থিত প্ৰসিদ্ধ ত্ৰিপুৰেশ্বৰী মন্দিৰ৷ লকডাউনৰ বাবে এই সময়ছোৱাত দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ আছিল মন্দিৰটোত৷ আনলক- ১ত চৰকাৰে অনা শিথিলতাৰ পৰিপ্ৰেক্ষিতত ক’ভিড প্ৰট’কল মানি সোমবাৰৰ পৰা দুৱাৰ মুকলি কৰা হ’ল ৫১ পীঠৰ মাজৰ অন্যতম পীঠস্থান ত্ৰিপুৰেশ্বৰী দেৱী মন্দিৰ৷ এতিয়াৰে পৰা পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ সুৰক্ষামূলক নীতি-নিয়ম মানি দৰ্শনাৰ্থীয়ে প্ৰৱেশ কৰিব পাৰিব মন্দিৰত৷ মন্দিৰত প্ৰৱেশৰ পূৰ্বে চেনিটাইজাৰ ব্যৱহাৰৰ লগতে থাৰ্মেল স্কেনিঙৰ  পাছত মাস্ক পৰিধান কৰাটো দৰ্শনাৰ্থীসকলৰ ক্ষেত্ৰত বাধ্যতামূলক হ’ব৷ তদুপৰি ১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ ব্যক্তিৰ প্ৰৱেশ কৰ’না সুৰক্ষাৰ স্বাৰ্থত মন্দিৰত নিষিদ্ধ থাকিব৷