Local, Vocal, Global

৬১ বছৰ বয়সত পৰীক্ষাৰ্থী হিচাপে বহিল ৰাজস্থানৰ বিধায়ক

 

শিক্ষা আহৰণ কৰাৰ যে কোনো নিৰ্ধাৰিত সময় সীমা নাথাকে তাকেই প্ৰমাণ কৰি দেখুৱালে ৰাজস্থানৰ এজন বিধায়কে । ৬১ বছৰ বয়সীয়া ৰাজস্থানৰ উদয়পুৰ গ্ৰাম্য সমষ্টিৰ এই বিজেপি বিধায়কজনে ৪০টা বছৰতকৈও অধিক সময়ৰ বিৰতিৰ পিছত পুনৰ অধ্যয়নৰ মানস কৰে । ৰাজনীতি বিজ্ঞান শাখাৰ বিএ ফাইনেলৰ প্ৰথম পৰীক্ষাৰ পৰীক্ষাৰ্থী হিচাপে নিজক সাজু কৰাত তেওঁৰ কন্যাই বহুখিনি অনুপ্ৰেনিত কৰে বুলি তেওঁ সদৰী কৰে । লগতে তেওঁ ইয়াকো উল্লেখ কৰে যে দুৰ্ভাগ্যবশত: সপ্তম মান শ্ৰেণীত পঢ়া অৱস্থাত বিধায়কজনৰ দেউতাকৰ অকাল মৃত্যু হোৱাৰ ফলত সপ্তমমান শ্ৰেণীতেই পঢ়া বাদ দি খেতিৰ লগতে অন্যান্য কাম কৰিবলৈ তেওঁক পৰিস্থিতিয়ে বাধ্য কৰাইছিল ।