Local, Vocal, Global

১১৭ কোটি টকীয়া পাণ্ডু–কামাখ্যা মন্দিৰ সংযোগী পথ সম্পূর্ণ হোৱাৰ পথত

ৰাজ্য চৰকাৰে নীলাচল পাহাৰত নির্মাণ কৰিছে এটি নতুন পথ৷মহানগৰীৰ মালিগাঁও–পাণ্ডুৰ পৰা শক্তিপীঠক সংযোগ কৰিছে এই নতুন পথটোৱে৷ ইতিমধ্যে লোকনির্মাণ বিভাগৰ উদ্যোগত যুদ্ধকালীন গতিত চলিছে পথ নির্মাণৰ কাম ৷ তদুপৰি দেশ–বিদেশৰ ভক্তৰ সুবিধার্থে পথৰ কাষে কাষে আটকধুনীয়াকৈ নির্মাণ কৰা হৈছে ফুটপাথ ছেদ৷ লগতে ভক্তৰ সুবিধার্থে এই নতুন পথছোৱাৰ মাজতে নির্মাণ কৰা হৈছে ৩টাকৈ আশ্রয় গৃহ৷ সমান্তৰালভাৱে ৩টাকৈ ভিউ পইণ্ট নির্মাণ কৰিছে লোকনির্মাণ বিভাগে৷ যাৰ জৰিয়তে দেশ–বিদেশৰ লাখ লাখ দর্শনার্থীয়ে ব্রহ্মপুত্রৰ লগতে নীলাচলৰ নৈসর্গিক শোভা উপভোগ কৰিব পাৰিব৷ উল্লেখ্য যে,ব্রহ্মপুত্রৰ নৈসর্গিক পৰিৱেশৰ মাজেৰে গাডী, অথবা খোজকাঢ়ি শক্তিপীঠলৈ আহিব পাৰিব দর্শনার্থীসকল৷ অর্থাৎ এই যাত্রাৰ জৰিয়তে সৌন্দর্যত আহ্লাদিত হ’ব দেশ, বিদেশৰ ভক্তসকল৷ ইফালে, নতুন পথ নির্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপক ধন্যবাদ জনাইছে কামাখ্যাবাসী ৰাইজে৷ লক্ষণীয় যে এই নতুন পথটোৱে অম্বুবাচীৰ সময়ত হোৱা ভিৰ বহু পৰিমাণে হ্রাস কৰিব বুলি আশাবাদী কামাখ্যাবাসী ৰাইজ৷ ৰাজ্য চৰকাৰে আবণ্টন দিয়া ১১৭ কোটি ৯২ লাখ টকা ব্যয়ৰে নির্মাণ কৰা হৈছে এই পথটো৷ লাখ লাখ ভক্তক সকাহ দিয়াৰ উদ্দেশ্যে ২০২০ চনৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই পথ নির্মাণৰ কাম ৷