Local, Vocal, Global

১১টা ভেকচিন লৈ বিহাৰৰ এজন ব্যক্তি ৰঙা ঘৰৰ আলহি

নিউজ ডেস্কঃ পুৰাইনী এছ এইচ অ’ য়ে দেঁওবাৰে কয় যে বিহাৰ আৰক্ষীয়ে ব্ৰহ্মদেৱ মণ্ডলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ব্ৰহ্মদেৱে কোভিড ভেকছিনৰ ১১ টা পালি গ্ৰহণ কৰিছে বুলি দাবী কৰাৰ বাবে তেখেতৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে। মাধেপুৰা জিলাৰ পুৰাইনী অঞ্চলৰ বাসিন্দা ৮৪ বছৰীয়া ব্ৰহ্মদেৱ মণ্ডলে দাবী কৰে যে তেওঁ ১১ টা কোভিড ভেকছিনৰ পালি গ্ৰহণ কৰিছে। তেঁও কৈছিল যে তেওঁ প্ৰতিবাৰেই পালি গ্ৰহণ কৰিবলৈ তেঁওৰ পৰিচয় প্ৰমাণ জালি কৰিছিল।

বৃদ্ধজনে এইটোও দাবী কৰিছিল যে ভেকছিনৰ পালি গ্ৰহণ কৰাৰ পিছত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হৈছে। ব্ৰহ্মদেৱে কয় যে “মই ভেকছিন গ্ৰহণ কৰা আৰম্ভ কৰাৰ পিছৰে পৰা কেতিয়াও অসুস্থ হোৱা নাছিলো আৰু মোৰ স্বাস্থ্যৰ উন্নতি হ’বলৈ ধৰিছে। ” ইফালে মাধেপুৰাৰ অসামৰিক শল্য চিকিৎসক ডা: অমৰেন্দ্ৰ প্ৰতাপ শ্বাহীয়ে কয় যে মানুহজনৰ দাবী সঁচা হয় নে নহয় জানিবলৈ চিকিৎসালয়ৰ ৰেকৰ্ড পৰীক্ষা কৰা হ’ব আৰু সেই অনুসৰি জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

 মণ্ডলে পুৰণি পি এইচ চিত ১৩ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ভেকছিনটো গ্ৰহণ কৰিছিল; পুৰণি পি এইচ চি ত ১৩ মাৰ্চত দ্বিতীয় পালি; ১৯ মে’ত অৰাই উপ স্বাস্থ্য কেন্দ্রত তৃতীয় পালি; ১৬ জুনত কোটাত ভূপেন্দ্র ভগতৰ শিবিৰত চতুর্থ পালি; পুৰণি বাদি হাট স্কুলৰ শিবিৰত ২৪ জুলাইত পঞ্চম পালি; নাথবাবা স্থান শিবিৰত ৩১ আগষ্টত ষষ্ঠ পালি; বাদি হাট স্কুলত ১১ ছেপ্টেম্বৰত অষ্টম পালি; স্বাস্থ্য উপ কেন্দ্র কালাচানত ২৪ ছেপ্টেম্বৰত নৱম পালি; খাগৰীয়া জিলাৰ পাৰবাট্টাত দশম পালি আৰু ভাগলপুৰৰ কাহালগাঁৱত একাদশ পালি ভেকছিন গ্ৰহণ কৰিছিল।

উল্লেখ্য যে ব্ৰহ্মদেৱ মণ্ডল এজন অৱসৰপ্ৰাপ্ত ডাক বিভাগৰ কৰ্মচাৰী। ২ ডিচেম্বৰত তেঁওৰ দ্বাদশ পালি ভেকছিন গ্ৰহণ কৰাৰ আগতে তেওঁ ধৰা পৰিছিল। অভিযোগ অনুসৰি তেওঁ তেঁওৰ আধাৰ কাৰ্ড আৰু তেওঁৰ ফোন নম্বৰ আঠবাৰ প্ৰদান কৰিছিল আৰু আন তিনিবাৰ তেঁওৰ ভোটাৰ পৰিচয় পত্ৰ আৰু তেওঁৰ পত্নীৰ ফোন নম্বৰ ব্যৱহাৰ কৰি ভেকছিনৰ শ্বটবোৰ পাইছিল।