Local, Vocal, Global

হোৰাহোৰে বৃদ্ধি পাইছে সোণৰ-ৰূপৰ মূল্য!

জুন মাহৰ প্ৰথম দিনটোতে সোণ আৰু ৰূপৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱা পৰিলক্ষিত হয়। আজি সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫০ হাজাৰ টকালৈ বৃদ্ধি হৈছে। ইফালে ৰূপৰ মূল্যই প্ৰতি কিলোগ্ৰামত ৭২ হাজাৰৰ ঘৰ অতিক্ৰম কৰে। মঙলবাৰে এমচিএক্স (MCX)ত সোণৰ সৈতে ৰূপৰ মূল্যও বৃদ্ধি পোৱা পৰিলক্ষিত হয়।বিগত দুটা মাহৰ তুলনাত প্ৰায় ৫,০০০ টকা ব্যয়বহুল হৈ পৰিছে সোণ। মাৰ্চ মাহত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত প্ৰায় ৪৪,০০০ টকা হোৱাৰ লগতে ইয়াৰ মূল্য হ্ৰাসে অভিলেখ ৰচিছিল।