Local, Vocal, Global

হিন্দুৰ জনসংখ্যা বঢ়াব চৰকাৰে!
এতিয়াৰে পৰা প্ৰতিটো সন্তানৰ বাবদ ৩ লাখ টকা।

ডিজিটেল ডেস্ক:- এই ৰাজ্যত দ্বিতীয় সন্তান জন্ম দিয়াৰ পিছত বৃদ্ধি পাব দৰমহা! আইভিএফ প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো ৩ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিব। খোদ মুখ্যমন্ত্রীয়ে দিছে এই ঘোষণা। চিকিমৰ জনসংখ্যা সম্পর্কে
মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে প্ৰকাশ কৰা অনুসৰি, ছিকিমৰ আনুমানিক জনসংখ্যা বৰ্তমান সাত লাখতকৈও কম, ইয়াৰে প্ৰায় ৮০ শতাংশ খিলঞ্জীয়া জনগোষ্ঠীৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ পৰিকল্পনা লোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে দ্বিতীয় সন্তান জন্ম হ’লে দৰমহাও বৃদ্ধি কৰা হ’ব। যোৰেথাং নগৰত এক অনুষ্ঠানত ভাষণ দি প্ৰেম সিং তামাঙে এই কথা কয়।

ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুণৰ কয় যে ছিকিমৰ উৰ্বৰতাৰ হাৰ যোৱা কিছু বছৰত সৰ্বনিম্ন, যাৰ ফলত খিলঞ্জীয়া জনগোষ্ঠীৰ জনসংখ্যা হ্ৰাস পাইছে। তামাঙে কয় যে আমি মহিলাকে ধৰি স্থানীয় লোকক অধিক সন্তান জন্ম দিবলৈ উৎসাহিত কৰি হ্ৰাস পোৱা প্ৰজননৰ হাৰক বৃদ্ধি কৰিব লাগিব। মুখ্যমন্ত্রী প্ৰেম সিং তামাঙে লগতে কয়-
“জাতি-জনগোষ্ঠীৰ লোকে অধিক সন্তান জন্ম দিব লাগে, দ্বিতীয় সন্তান জন্ম দিয়াৰ পিছত দৰমহা বৃদ্ধি হ’ব”।

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ বক্তব্য:-
মহিলাসকলে লাভ কৰিব ৩৬৫ দিনৰ প্ৰসূতিকালীন ছুটী।

তামাঙে আকৌ কয় যে তেওঁৰ চৰকাৰে ইতিমধ্যে সেৱাত থকা মহিলাসকলক ৩৬৫ দিনৰ প্ৰসূতিকালীন ছুটী আৰু পুৰুষ কৰ্মচাৰীসকলক ৩০ দিনৰ পিতৃত্বৰ ছুটী প্ৰদান কৰি সন্তান জন্ম দিবলৈ উৎসাহিত কৰিছে।

ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে মহিলা কৰ্মচাৰীক দ্বিতীয় সন্তান জন্মৰ বাবে এটা অনুদান আৰু তৃতীয় সন্তান জন্মৰ বাবে আৰ্থিক অনুদানৰ প্ৰস্তাৱ আগবঢ়াইছে। তামাঙে স্পষ্ট কৰি দিয়ে যে এই আৰ্থিক সুবিধা কেৱল এটা সন্তান থকা মহিলাসকলৰ বাবেহে উপলব্ধ কৰা নহ’ব। অৱশ্যে সাধাৰণ লোকেও আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে দোহাৰে। প্ৰেম সিং তামাঙে লগতে কয় যে, সাধাৰণ লোকসকলেও একাধিক সন্তান জন্ম দিয়াৰ বাবে আৰ্থিক সাহাৰ্য্য লাভৰ বাবে যোগ্য হ’ব। এই আঁচনিৰ সবিশেষ স্বাস্থ্য আৰু মহিলা তথা শিশু যত্ন বিভাগে চূড়ান্ত কৰিব।

তামাঙে কয় যে কোনো বিশেষ সমস্যা হ’লে মহিলাসকলক গৰ্ভধাৰণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে ছিকিমৰ চিকিৎসালয়সমূহত আইভিএফৰ সুবিধা আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে সন্তান জন্ম দিয়া সকলো মাতৃক ৩ লাখ টকাৰ অনুদান দিয়া হ’ব বুলিও তেওঁ কয়।

মুখ্যমন্ত্রী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই পৰ্যন্ত ৩৮ গৰাকী মহিলাই আই ভি এফ সুবিধাৰ সহায়ত গৰ্ভধাৰণ কৰিছে আৰু ইয়াৰে কিছুমান মাতৃও হৈছে।