Local, Vocal, Global

হাই মাদ্ৰাছাৰ শীর্ষত বৰপেটাৰ ইয়ামিন

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমান্তৰালকৈ ঘোষিত হ’ল অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

◆ এইবাৰ মুঠ ৯৩৪৭গৰাকী শিক্ষাৰ্থী হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণ হয় ৫৯৫১গৰাকী।

◆উত্তীৰ্ণৰ হাৰ ৬৩.৬৭ শতাংশ।

◆ হাই মাদ্ৰাছাৰ শীৰ্ষত স্থান লাভ কৰে বৰপেটাৰ ধাকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী।

◆ ইয়ামিন আলীয়ে লাভ কৰিছে মুঠ ৫৫৮ নম্বৰ।

◆দ্বিতীয় স্থান লাভ কৰিছে কামৰূপ গ্ৰাম্য জিলাৰ এছ এ বি হাই মাদ্ৰাছাৰ আপছানা য়াছমিনে। তেওঁ লাভ কৰিছে মুঠ ৫৫২ নম্বৰ।

◆ তৃতীয় স্থান দখল কৰিছে কোকৰাঝাৰ জিলাৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ ৰছিদুল আলীয়ে।

◆হাই মাদ্ৰাছা পৰীক্ষাত মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৭১২গৰাকীয়ে প্ৰথম বিভাগ, ২৬৩৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২৬০০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

◆হাই মাদ্ৰাছাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৫.২৫ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৬২ শতাংশ।