Local, Vocal, Global

সীমান্তত বলে পৰা যাব চীনক, বজাৰত বলোৱাহে কঠিন!

সীমান্তত বলে পৰা যাব চীনক, বজাৰত বলোৱাহে কঠিন, সীমান্ততকৈও বজাৰত চীনৰ অধিক আগ্ৰাসন৷ গালৱানৰ শূন্য ডিগ্ৰীৰ তলৰ উষ্ণতাত ভাৰত-চীন সেনাৰ হাইভল্টেজ সংঘাত৷ অনাহক আগ্ৰাসী চীনক এশিকনী দিয়াৰ সপক্ষে দেশবাসী৷ অসামৰিকভাৱে চীনক কিদৰে শিক্ষা দিব পাৰি তাকে লৈ বিভিন্নজনৰ বিভিন্ন পৰামৰ্শ৷ চীনা সামগ্ৰী, চাইনীজ ম’বাইল এপ্ বৰ্জনৰ আহ্বান বিভিন্ন পক্ষৰ৷ এখোজ আগুৱাই স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্য- ‘চাইনীজ খাদ্যও বৰ্জন কৰক’৷ এনে বৰ্জনৰ আহ্বান কিমানদূৰ বাস্তৱসন্মত? সেয়াহে আচল প্ৰশ্ন৷ ভাৰতৰ বজাৰ, ভাৰতৰ অৰ্থনীতিত চীনৰ দখল কিমান? সেয়া চাওঁ আহক৷ অনানুষ্ঠানিক তথ্য মতে ভাৰতীয় অৰ্থনীতিত চীনৰ বিনিয়োগ প্ৰায় ৬০ হাজাৰ কোটি টকাৰ৷ ভাৰতৰ বছৰি আমদানিৰ ১৪ শতাংশ আহে চীনৰ পৰা৷ বিপৰীতে ভাৰতৰ পৰা চীনলৈ ৰপ্তানি মাত্ৰ ৫ শতাংশহে৷ এইবাৰ চাওক ভাৰতত চীনৰ বিনিয়োগ ক’ত কিমান? ভাৰতত আছে চীনৰ ৮ শতাধিক কোম্পানী৷ তাৰ ভিতৰত আছে বৃহৎ বৃহৎ স্মাৰ্টফোন, উপভোক্তা সামগ্ৰী, নিৰ্মাণ সামগ্ৰী প্ৰতিষ্ঠান৷ আছে চাইনীজ অপটিকেল ফাইবাৰ, ৰসায়ণ প্ৰতিষ্ঠান৷ অপ্প’, ভিভ’ ফচান ইণ্টাৰনেচনেল, হেইয়াৰ আদি বৃহৎ চাইনীজ ব্ৰেণ্ড৷ চাওমি ম’বাইলত আছে চীনৰ ৭৫ শতাংশ শ্বেয়াৰ৷ একেদৰে ভিভ’ ম’বাইলতো আছে চীনৰ ৭৫ শতাংশ অংশীদাৰিত্ব৷ প্ৰায় ১৫টা চাইনীজ ম’বাইল কোম্পানীৰ ভাৰতৰ স্মাৰ্টফোনৰ বজাৰত আছে বৃহৎ দখল৷ আপুনি-মই সততে দেখি থকা শ-শ চাইনীজ সামগ্ৰীৰ কথা বাদেই, দামী দামী ব্ৰেণ্ডৰ চীনা সামগ্ৰীৰে ভৰি আছে ভাৰতৰ বজাৰখন৷ এতিয়া চাওঁ আহক জাকতজিলিকা ষ্টাৰ্টআপত চীনা প্ৰতিষ্ঠানৰ বৃহৎ বিনিয়োগৰ হিচাপলৈ৷ আলিবাবা, চাওমি, টেনচেণ্ট আদি চীনা প্ৰতিষ্ঠানে বিনিয়োগ কৰিছে ভালেমান আগশাৰীৰ ভাৰতীয় ষ্টাৰ্টআপত৷ সৰ্বজন পৰিচিত চীনৰ বিনিয়োগ থকা ভাৰতীয় ষ্টাৰ্টআপ প্ৰতিষ্ঠান হ’ল পেটিয়েম, অ’লা. ছুইগী ইত্যাদি৷ ২০১৯পৰ্যন্ত এনে বিনিয়োগৰ মুঠ পৰিমাণ প্ৰায় ৫.৫ বিলিয়ন ডলাৰ৷ এতিয়া আহোঁ ভৱিষ্যতলৈ৷ তথ্য প্ৰযুক্তি খণ্ডত ভাৰতে চীনক দি থৈছে এক গুৰুত্বপূৰ্ণ অনুমতি৷ ভাৰতত 5Gৰ পৰীক্ষাৰ বাবে অনুমতি পাইছে চীনা প্ৰতিষ্ঠানে৷ আমেৰিকাৰ পৰামৰ্শকো আওকাণ কৰি ভাৰতে চীনৰ হুৱাৱেই নামৰ প্ৰতিষ্ঠানক দিছে অনুমতি৷ চীনৰ তথ্য প্ৰযুক্তি খণ্ডৰ বৃহৎ প্ৰতিষ্ঠান হুৱাৱেই-এ ভাৰতত চলাব 5Gৰ পৰীক্ষা-নীৰিক্ষা৷ আৰু সেয়া সফল হ’লে ভাৰতৰ তথ্য প্ৰযুক্তি খণ্ডত প্ৰতিপত্তি বাঢ়ি যাব চীনৰ৷ এয়া আছিল তথ্য৷ শেহত আহোঁ চীনা সামগ্ৰীৰ সহজলভ্যতা আৰু ক’লা-বগা উভয় বজাৰত এনে সামগ্ৰীৰ জনপ্ৰিয়তালৈ৷ ভাৰতীয় ভগৱানৰ মূৰ্তিৰ পৰা দেৱালীৰ চাকিগচিলৈ চাইনীজ সামগ্ৰীৰ আদৰ আছে সৰ্বসাধাৰণৰ মাজত৷ তাৰ মূল কাৰণ চাইনীজ সামগ্ৰীৰ দাম আনতকৈ কম৷ গুণগত মানক লৈ প্ৰশ্ন থাকিলেও হাজাৰ-বিজাৰ এনে চাইনীজ সামগ্ৰীৰ আছে যাৰ কোনো ভাৰতীয় বিকল্পই নাই৷ গতিকে মে’ড ইন ইণ্ডিয়া মেক ইন ইণ্ডিয়া হৈছে ঠিকেই, কিন্তু মে’ড ইন ইণ্ডিয়াক প্ৰত্যাহ্বান জনাবলৈ এতিয়াও বহুদূৰ৷