Local, Vocal, Global

সাপেখাতিৰ জ্যোতি দিব্যাংগ সনাতন

মনোবল অদম্য হ’লে একোৱেই যে বাধা হৱ নোৱাৰে তাকেই পুনৰবাৰ প্ৰতিপন্ন কৰিলে সাপেখাতীৰ এগৰাকী দিব্যাংগ ছাত্ৰই। প্ৰথম বিভাগত হাইস্কুল  শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে এজন দিব্যাংগ ছাত্ৰই গণিত বিষয়ত লেটাৰ নম্বৰ পোৱাক লৈ  উৎফুল্লিত ছাত্ৰ জনৰ পৰিয়ালৰ লগতে গাঁওবাসী।  চৰাইদেউ জিলাৰ সাপেখাতি সৰুপথাৰ গাঁৱৰ বাসিন্দা মিনেশ্বৰ গগৈ আৰু কনকলতা গগৈৰ পুত্ৰ সনাতন গগৈ দিব্যাংগ ছাত্ৰ। তেওঁ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মৰাণ জনমঙ্গল আদৰ্শ অন্ধ বিদ্যালয়ৰ পৰা। আৰু ফলাফলত দেখা গ’ল তেওঁ গণিত বিষয়ত লে’টাৰ নম্বৰৰ সৈতে মুঠ ৬৩% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। অভাৱ অনাটনৰ মাজতে জন্ম আৰু ডাঙৰ দীঘল হোৱা সনাতন সংগীতৰ বিশাৰদ ডিগ্ৰীধাৰী। গীতাৰৰ লগতে বাঁহী, টোকাৰী, পেঁপা, গগনা আদি লোকবাদ্য সুন্দৰকৈ বজায় সনাতনে। আজি পৰীক্ষাৰ ফলাফল ওলোৱাৰ পিছতো সনাতনে কৈছে এজন সংগীত শিল্পীৰূপে নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দেখি অহাৰ কথা ।