Local, Vocal, Global

সঁচাই কৰ’নাৰ চিকাৰ হ’ল নেকি ডাউড ইব্ৰাহিম ?

অন্ধকাৰ জগতৰ কুখ্যাত মাফিয়া ডন ডাউড ইব্ৰাহিমক কেন্দ্ৰ কৰি যিমানেই ৰহস্য, সিমানেই চৰ্চা। এইবেলি ডাউড চৰ্চালৈ আহিছে কৰ’না কেন্দ্ৰিক এক খবৰৰ মাজেৰে। দুদিন পূৰ্বেই বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিছিল ডাউড কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি।পাকিস্তানৰ কৰাছী চহৰত আশ্ৰয় লৈ থকা ডাউড আৰু তেওঁৰ পত্নী মেহজেবিন কৰ’নাৰ কবলত পৰা বাবেই কৰাছীৰ এখন মিলিটেৰী হাস্পতালত চিকিৎসাধীন হৈ থকাৰ খবৰে তোলপাৰ লগাইছিল। সমান্তৰালকৈ ডাউডৰ কেইবাজনো দেহৰক্ষী আৰু ব্যক্তিগত সহায় কাৰিও কোৱাৰেইণ্টাইন হৈ থকাৰ খবৰো প্ৰচাৰ হৈ আছে। কিন্তু শেহতীয়াকৈ বিয়পিছে ডাউড ইব্ৰাহিমৰ মৃত্যু হোৱাৰ খবৰ। ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈছে কৰ’না আক্ৰান্ত ডাউদৰ মৃত্যু হোৱাৰ বাতৰি। অৱশ্যে ডাউডৰ ভ্ৰাতৃ আনিছ ইব্ৰাহিমে অস্বীকাৰ কৰিছে এই বাতৰি। তেওঁ ডাউড ইব্ৰাহিম কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ খবৰো অস্বীকাৰ কৰিছে। উল্লেখযোগ্য যে ককায়েকৰ উত্তৰাধিকাৰী ৰূপে আনিছৰ নিয়ন্ত্ৰণতে পৰিচালিত ডাউডৰ কুখ্যাত ডি’ কোম্পানী।