Local, Vocal, Global

ষষ্ঠ স্থানপ্ৰাপ্ত হৰ্ষবৰ্দ্ধন এতিয়াও কোৱাৰেইণ্টাইনত

এইবেলি কাল কৰ’নাৰ ত্ৰাশৰ মাজতে ঘোষণা কৰা হৈছে চলিত বছৰৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল । লকডাউন শিথিলহে হৈছে, বাতিল হবলৈ বহু বাকী। স্কুল কলেজ সকলো বন্ধ। স্বাভাৱিকতেই স্কুল বোৰত নাই পৰীক্ষাৰ ফলাফল ঘোষণাক কেন্দ্ৰ কৰি সেই উৎসৱমুখৰ পৰিবেশ। সকলো ঘৰতেই আছে। তাৰ মাজতে আহিছে এক ব্যতিক্ৰমী খবৰ। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰি বৰপেটা জিলাৰ নাম উজ্জ্বল কৰা হৰ্ষবৰ্দ্ধন মাহেশ্বৰী নামৰ কৃতি ছাত্ৰজন সৌ সিদিনাহে মুক্ত হৈছে কোৱাৰেণ্টাইন শিবিৰৰ পৰা। হয় , পৰীক্ষাৰ ফলাফল ঘোষণাৰ কেইদিনমান আগলৈকে বৰপেটাৰ গৌৰৱ হৰ্ষবৰ্দ্ধন আছিল কোৱাৰেণ্টাইন শিবিৰত। তেওঁৰ মোমায়েকৰ ঘৰ কলকাটাত। পৰীক্ষা দিয়েই ফুৰিবলৈ বুলি গৈছিল মোমায়েকৰ ঘৰলৈ। কিন্ত তাৰ পিছতেই আৰম্ভ হ’ল দেশজুৰি লকডাউন। লকডাউন শিথিল হোৱাৰ পিছত যোৱা ২৮ মে’ৰ দিনা কলকাটাৰ পৰা বিমানেৰে ঘুৰি আহিছিল ঘৰলৈ। আৰু তাৰ পিছতেই বৰপেটাৰোডত থকা টুৰিষ্টল’জত তেওঁ কোৱাৰেণ্টাইন হ’ব লগীয়া হয়। ১ জুনৰ দিনা তেওঁ ক’ভিড -১৯ নিগেটিভ বুলি ফলাফল ওলোৱাত তেওঁক সৰভোগত থকা ঘৰলৈ যাবলৈ দিয়া হয় যদিও হোম কোৱাৰেণ্টাইনৰ ম্যাদ এতিয়াও শেষ হোৱা নাই। আৰু হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে আজি বৰপেটা ৰোডৰ মাৰীয়া স্কুলৰ ছাত্ৰ হৰ্ষবৰ্দ্ধনে পালে ভাল খবৰটো। মুঠ ৫৮৮ নম্বৰেৰে তেওঁ আন ৩ জনৰ সৈতে জিলিকি উঠিল ষষ্ঠ স্থানত।