Local, Vocal, Global

শুৱালকুছিত যোগান বিভাগৰ অভিযান

মহামাৰী কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ হৃদপিণ্ড গুৱাহাটী মহানগৰ  লকডাউনৰ কৱলত ৷  লকডাউনৰ সুবিধা লৈ এচাম ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনিৰে অধিক দাম লৈ গ্ৰাহক ৰাইজক মাধমাৰ সোধাইছিল ৷ সোমবাৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ দিপাঙ্কৰ শৰ্মা আৰু শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিংকু মনি দাসৰ নেতৃত্বত আছুৰ এটি সজাতি দলে বৃহত্তৰ অঞ্চলৰ খুচুৰা আৰু পাইকাৰী ৰেচনৰ দোকান সমূহত এক অভিযান চলাইছিল ৷ অভিযান কালত আছুৰ দলটোৱে ৰেচনৰ ব্যৱসায়ী সকলক  সামগ্ৰীৰ মূল্য অত্যাধিক নলবলৈ অনুৰোধ সূচক দাবী জনাইছিল ৷ লগতে ৰেচন সামগ্ৰীৰ মূল্যৰ ফলক আৰিবলৈও আহ্বান জনাইছিল ৷

তাৰ পিছতেই সষ্টমৰূপত মঙলবাৰে অসম চৰকাৰৰ যোগান বিভাগৰ এটি বিষয়া পৰ্যায়ৰ দল শুৱালকুছিত উপস্থিত হয় ৷ কামৰূপ জিলাৰ যোগান বিভাগৰ জগৎ জীৱন ডেকাৰ নেতৃত্বত অহা দলটোৱে গাওঁখনৰ প্ৰায়বোৰ ৰেচনৰ দোকানত উপস্থিত হৈ সামগ্ৰীৰ মূল্যৰ বুজ লয় ৷ ব্যৱসায়ী সকলে খাদ্য সামগ্ৰীৰ নিৰিখ গতানুগতিক বুলি কোৱাৰ বিপৰীতে জগদ্ধাত্ৰী খাদ্য ভাণ্ডাৰে অধিক লোৱা বুলি সংবাদ মাধ্যমক জনায় ৷ উক্ত দোকানখনক অধিক দাম নলবলৈ সকীয়নি দিয়াৰ উপৰি প্ৰতিখন বিপনীক সামগ্ৰীৰ মূল্যৰ ফলক আৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।