Local, Vocal, Global

শিৱসাগৰত পথ দুৰ্ঘটনা, এটি চাৰিজনীয়া পৰিয়ালসহ পাঁচজন চিকিৎসালয়ত

শিৱসাগৰত ভয়াৱহ দুৰ্ঘটনা৷ গুৱাহাটী বিমানবন্দৰৰ পৰা মৰাণ কোৱাৰেন্টাইন চেন্টাৰলৈ আহি থকা এখন ছুইফট ডিজায়াৰক মহটিয়াই নিলে এখন গেছ টেংকাৰে৷ ঘটনাৰ স্থান শিৱসাগৰৰ ৰূপহীমুখ৷ ছুইফট ডিজায়াৰখনত আছিল ডিব্ৰুগড়ৰৰ এটা ৪জনীয়া পৰিয়াল৷ এহাল যমজ সন্তানসহ পৰিয়ালটো মুম্বাইৰ পৰা বিমানেৰে আহিছিল গুৱাহাটীলৈ৷ গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা  আহি আছিল মৰাণৰ এটা কোৱাৰেন্টাইন চেন্টাৰলৈ৷ দুৰ্ভাগ্যজনকভাৱে মৰাণ পোৱাৰ পূৰ্বেই বৃহস্পতিবাৰৰ পুৱা দুৰ্ঘটনাত পতিত হয় ৪জনীয়া পৰিয়ালটো আহি থকা ছুইফটখন৷ বিপৰীত দিশৰ পৰা আহি থকা এখন গেছ টেংকাৰে ছুইফটখনক খুন্দিয়াই তৎমূহুৰ্ততে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ পিছত স্থানীয় ৰাইজে বহু চেষ্টা কৰি দুৰ্ঘটনাগ্ৰস্ত ছুইফটখনৰ পৰা ৪জনীয়া পৰিয়ালটোক উদ্ধাৰ কৰি ১০৮যোগে প্ৰেৰণ কৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৪জনীয়া পৰিয়ালটো বৰ্তমান চিকিৎসাধীন শিৱসাগৰ অসামৰিক চিকিৎসালয়ত৷ আনহাতে গাড়ীখনৰ চালকজনো সামন্যভাৱে আঘাতপ্ৰাপ্ত হৈছে দূৰ্ঘটনাটোত৷