Local, Vocal, Global

লুচাই পাহাৰত কৰ’নাৰ সংক্ৰমণ, নতুনকৈ ৫ জন পজিটিভ

লুচাই পাহাৰ অৰ্থাৎ পাৰ্বত্য ৰাজ্য মিজোৰামত অব্যাহত ৰৈছে মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ। ৰাজ্যখনত নতুনকৈ ৫ জন লোক চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ ৰূপে। শেহতীয়াকৈ মিজোৰামত ৩৪০ গৰাকী লোকৰ নমুুনা পৰীক্ষা কৰা  হৈছিল।  তাৰে ৫  গৰাকী চিনাক্ত হৈছে প’জিটিভ ৰূপে।  এই ৫ গৰাকীৰ ভিতৰত  এগৰাকী  চৰকাৰী কোৱাৰেইণ্টাইন চেণ্টাৰতেই আছিল।  আন ৪ গৰাকীও সন্দেহবশত হাস্পতালত চিকিৎসাধীন হৈ থকা লোক।