Local, Vocal, Global

লাডাখৰ শ্বহীদলৈ প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি, শ্বহীদৰ ত্যাগ অথলে নাযায়

*লাডাখ অধ্যায় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথম প্ৰতিক্ৰিয়া
*ভিডিঅ কনফাৰেন্স বৈঠকত মৌন প্ৰাৰ্থনা
* ভাৰতীয় সেনাই ‘মাৰিহে মৰিছে’- প্ৰধানমন্ত্ৰী

লাডাখত চীন ভাৰতৰ সেনা জোৱানৰ মাজত হোৱা খণ্ড যুদ্ধ আৰু ২০ জনকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱা ঘটনা সন্দৰ্ভত প্ৰথম বাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীৰ মন্তব্য সীমান্তত নিহত বীৰ জোৱান সকলৰ আত্ম বলিদান অথলে নাযায়। লগতে মোডীৰ মন্তব্য “আমি আমাৰ বীৰ জোৱান সকলৰ বাবে গৰ্ব কৰাৰ সময় এতিয়া। তেওঁলোকে মাৰিহে মাৰিছে”। আজি দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ লগত কৰ’না কালীন সংকট মোছনৰ উদ্দেশ্যে দ্বিতীয় লানি বৈঠকত অংশ লয় প্ৰধানমন্ত্ৰীয়ে। ভিডিঅ কনফাৰেন্সৰ জৰিয়তে হোৱা এই আলোচনাৰ আৰম্ভণিতে লাডাখৰ শ্বহীদ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনাই দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰে সকলোৱে। মোডীয়ে দেশবাসীক আশ্বাস প্ৰদান কৰি কয়, সীমান্তৰ অতন্দ্ৰ প্ৰহৰী সকলৰ বলিদান অথলে যাবলৈ দিয়া নহ’ব। মতভেদক বিবাদলৈ পৰ্যবসিত হবলৈ নিদিয়াৰ বাবে সৰ্বতোপ্ৰকাৰ চেষ্টা চলাই আহিছে ভাৰতে। কিন্তু দেশৰ আখণ্ডতাৰ প্ৰতি অহা ভাবুকি ওফৰোৱাৰ ক্ষেত্ৰতো কোনো কাৰণতে আপোচ কৰা নহ’ব-প্ৰধানমন্ত্ৰীৰ ঘোষণা। যেতিয়াই দেশৰ অখণ্ডতাৰ প্রতি ভাবুকি আহিছে , তেতিয়াই আমি আমাৰ শক্তি আৰু সামৰ্থ দেখুৱাই আহিছোঁ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। মোডীৰ ৰঙা চীনৰ প্ৰতি সকীয়নি -ত্যাগ আৰু তপস্যা যিদৰে ভাৰতীয় চৰিত্ৰৰ অংগ, ঠিক একেদৰেই বীৰত্ব আৰু পৰাক্ৰমো ভাৰতীয় চৰিত্ৰৰ অংগ।