Local, Vocal, Global

লাচিত বৰফুকনৰ ৰচনা লিখি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ। মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিক ভাৱে স্বীকৃতি পত্ৰ তুলি দিলে কৰ্তৃপক্ষই…

ডিজিটেল ডেস্ক:-অসমবাসীৰ বাবে সুখবৰ।বিশ্ব দৰবাৰত জিলিকিল মহাবীৰ লাচিত বৰফুকন। প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ বিশ্ব অভিলেখ। ৰচনা প্ৰতিযোগিতাৰে বিশ্ব অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে।লাৰ্জেষ্ট অনলাইন ফটো এলবাম অফ হেণ্ড ৰিটেন নোটছ শিতানত লাচিত বৰফুকনৰ সন্দৰ্ভত লিখা ৰচনাই স্থান লাভ কৰিলে।লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰিছিল ৰচনা প্ৰতিযোগিতাৰ। য’ত অংশ লৈছিল ৫৭ লাখ প্ৰতিযোগীয়ে। বিশ্ব অভিলেখৰ বাবে বিবেচিত হয় ৪২.৯৪ লাখ খন ৰচনা। অসমীয়াকে ধৰি অন্যান্য ৩০টা ভাষাত অংশগ্ৰহণ কৰিছিল প্ৰতিযোগীতাত।
আজি জনতা ভৱনত এই উপলক্ষে অনুষ্ঠিত হয় প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান।অনুষ্ঠানত অংশগ্ৰহণ কৰে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিয়েও। উল্লেখ্য যে, বীৰ লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীত সৰ্বাধিক হাতে লিখা টোকাৰ অনলাইন ফটো এলবামৰ বাবে এই অভিলেখৰ গৰাকী হয় ৰাজ্য চৰকাৰ। লাচিত বৰফুকনৰ জয়ন্তীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত ৪২ লাখ ৯৪ হাজাৰ ৩৫০খন ৰচনাৰ ফটো আপলোড কৰা হৈছিল।এই ৰচনা অসমীয়া ভাষাত লিখা হৈছিল ৩৫ লাখ ৯০ লাখ ৯১৮ খন, ইংৰাজীত লিখা হৈছিল ৪ লাখ ৫ হাজাৰ ৬১৭ খন, বাংলা ভাষাত ২ লাখ ৪৭ হাজাৰ ৭৩৩ খন, বড়ো ভাষাত ১ লাখ ২০ হাজাৰ ৪১৭ খন আৰু হিন্দীত লিখা হৈছিল ৩২ হাজাৰ ৪৬৩ খন।লাচিত বৰফুকনৰ সন্দৰ্ভত হাতেৰে লিখা লিখনিৰে বিশ্ব অভিলেখ গঢ়াটো অসমবাসীৰ বাবেই এক গৌৰৱৰ বিষয়।ডাঙৰ কথাটো হ’ল অসম চৰকাৰে লোৱা এই উদ্যোগৰ প্ৰতি সহাৰি জনাই ৫৭ লাখ লোকে লাচিত বৰফুকনৰ সন্দৰ্ভত তেওঁলোকৰ অনুভৱ লিখিছিল।

আজি জনতা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যত আনন্দ প্ৰকাশ কৰে আৰু ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জনগণক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।