Local, Vocal, Global

লকডাউনৰ অন্য এটা ভয়ানক খবৰ

কৰ’নাই প্ৰতিনিয়ত কঢ়িয়াই আনিছে বেয়া খবৰ, নিৰাশাৰ খবৰ। প্ৰতি দিনেই বাঢ়িছে ৰোগীৰ সংখ্যা, প্ৰতি মুহূৰ্ততে বাঢ়িছে আতংক। কিন্তু এই বেয়া খবৰ বোৰকো তল পেলাই আহিছে এটা ভয়ানক খবৰ। ৰাজ্যৰ, দেশৰ লাখ লাখ নিবনুৱাৰ বাবে সঁচা অৰ্থতেই এটা ভয়ানক খবৰ প্ৰকাশ কৰিছে দেশৰ ৰেল বিভাগে। খবৰটো হৈছে ৰেল বিভাগে স্থগিত ৰাখিছে সকলো নতুন নিযুক্তি। লকদাউনৰ সময়ছোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰেল বিভাগ। নাই যাত্ৰী। লোকচান ভৰিছে প্ৰায় ৫৮ শতাংশৰো অধিক। সেয়েহে ৰেল মন্ত্ৰালয়ৰ পৰা সকলো মাণ্ডলিক মহা প্ৰৱন্ধকৰ কাৰ্যালয়লৈ যোৱা ১৯ জুনত পঠোৱা হৈছে এখন পত্ৰ। তাতেই উল্লেখ কৰা হৈছে লোকচানৰ জোৰা মাৰিবলৈ ব্যয় সংকোচন আৰু নতুন নিযুক্তি বন্ধ ৰখাৰ কথা। আনকি যি সকলে ৰে’ল বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হৈ যি সকলে লকডাউন শেষ হ’লেই নিযুক্তি পাম বুলি আশা কৰি আছিল, সেই সকলৰ বাবেও চৰম নিৰাশাৰ এই খবৰ।